নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ মৰিগাঁও আছুৰ ঊনবিংশতিতম অধিৱেশন সফল সামৰণি

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ ঊনবিংশতিতম্ অধিৱেশন খনি ৮ জানুৱাৰী তাৰিখে মৰিগাওঁ সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা পতাকা উত্তোলন কৰে জিলা ছাত্র সন্থাৰ বিদায়ী সভাপতি হিমাংশু মহন্ত আৰু শ্বহীদ তৰ্পণ কৰে বিদায়ী সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে ।

পুৱা ১১ বজাৰ পৰা জিলাখনৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দুপৰীয়া ১ বজাত অনুষ্ঠিত হয় বিদায়ী কাৰ্যনিৰ্বাহক সমিতিৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা । আবেলি ৪.৩০ বজাত জিলা ছাত্র সন্থাৰ প্ৰাক্তন সতীৰ্থসকলে শ্বহীদবেদীত বন্তি প্ৰজ্বলন কৰে । মুখ্য প্ৰজ্বলক হিচাপে থাকে প্ৰাক্তন ছাত্র নেতা তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি অতনু শৰ্মা । অধিৱেশন খনিৰ প্ৰতিনিধি গৃহ মুকলি কৰে জিলা সাংবাদিক সংস্থাৰ সভাপতি জাকিৰ হুছেইন । পাঁচ শতাধিক প্ৰতিনিধিয়ে অংশ লোৱা গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভাখন উদ্বোধন কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱা ছাত্র নেতা উৎপল শৰ্মাই । প্ৰতিনিধি সভাৰ উদ্বোধনী ভাষণত তেখেতে ছাত্র সন্থাৰ জন্ম ইতিহাস আৰু সংগ্ৰামী চেতনাৰ চমু আভাস দাঙি ধৰে । স্বাগত অভিভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ সভাপতি দেৱেশ্বৰ গোস্বামীয়ে । মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ।

তেওঁ ছাত্র সন্থাৰ দৃষ্টিভংগী, দৰ্শন আৰু কৰ্মপন্থা সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায় । বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফেচিষ্ট চৰিত্ৰক তুলাধূনা দি বিগত সময়ৰ প্ৰতিবাদী ধাৰাটোৰ ওপৰতো আলোকপাত কৰে । নিদিৰ্ষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই । তেওঁ সন্থাৰ কৰ্মীসকলক শৈক্ষিক সংগ্ৰাম আৰু জাতীয় সংগ্ৰামৰ বাবে সমানেই তৎপৰ হ’বলৈ আহ্বান জনায় । অধিৱেশনখনিৰ লগত সংগতি ৰাখি নৱ ৰাজন আৰু কুঞ্জ বৰাৰ সম্পাদনাত “জোঁৰ” শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ‌ও প্ৰকাশ কৰা হয় । গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে নেছ’ৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই । উন্মোচনী বক্তব্যত তেখেতে মৰিগাঁও জিলাখনৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি সেই সন্দৰ্ভত ছাত্র সন্থাৰ কৰণীয় সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় ।

বিশিষ্ট অতিথি ভাষণ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথে । দুকমোকালি পাঁচ বজা পৰ্যন্ত প্ৰতিনিধি সভাৰ অন্তত হোৱা বিষয় বাচনি সভা‌ই দিপুল কুমাৰ নাথক সভাপতি আৰু ৰূপজ্যোতি মেধিক সাধাৰণ সম্পাদক লৈ এখন শক্তিশালী জিলা কমিটি‌ গঠন কৰে । সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক উৎপল শৰ্মাই নৱনিৰ্বাচিত সমিতিখনক শপতবাক্য পাঠ কৰায় । উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মানিক গগৈ আৰু মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী অধিৱেশনখনিত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ।

You might also like