নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদনত প্রশ্নৰ পূর্বে উত্তৰ ফাদিল অখিলৰ

অসম বিধানসভাৰ গৰিমাত কালিমা

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ বুধবাৰে তৃতীয় দিনা সংঘটিত হ’ল এক নজিৰবিহীন ঘটনা৷ সদনৰ ঐতিহ্যমণ্ডিত গৰিমাত কালিমা সানি শিৱসাগৰ সমষ্টিৰ নির্দলীয় বিধায়ক অখিল গগৈয়ে আজি সদনৰ প্রশ্ণোত্তৰ কাল আৰম্ভ হোৱাৰ পূর্বেই মন্ত্রীৰ উত্তৰ সংবাদ মাধ্যমৰ জৰিয়তে আগতীয়াকৈ ফাদিল কৰে৷ বিধায়কগৰাকীৰ এনে কর্মকাণ্ডত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে শাসক–বিৰোধী উভয় পক্ষই হতবাক হৈ পৰাই নহয়, বিধানসভাৰ গৰিমা অক্ষুণ্ণ ৰখাক লৈও চিন্তিত হৈ পৰে৷ উল্লেখ্য যে আজি সদনৰ প্রশ্ণোত্তৰ কালত বিধায়ক গগৈৰ এক মৌখিক প্রশ্ণ (নং ৫৭) সন্নিৱিষ্ট হয়৷

কিন্তু বুধবাৰে পুৱা ৯.৩০ বজাত সদনৰ প্রশ্ণোত্তৰ কাল আৰম্ভ হোৱাৰ পূর্বেই বিধায়ক গগৈয়ে বিধানসভা চৌহদত থকা সংবাদ মাধ্যমৰ আগত তেওঁ লাভ কৰা প্রশ্ণৰ উত্তৰৰ বিষয়ে সদৰী কৰাৰ লগতে বিধানসভাত ‘ফাংফুঙীয়া’ উত্তৰ দিয়া হৈছে বুলি মন্তব্য কৰে৷ পুৱা ৯.৩০ বজাত সদন আৰম্ভ হোৱাৰ লগে লগে বিষয়টো বিধায়ক মানৱ ডেকাই সদনৰ দৃষ্টিগোচৰ কৰে৷ লগে লগে সদনত হুৱাদুৱা পৰিস্থিতি উদ্ভৱ হয়৷ সদনত মন্ত্রীয়ে উত্তৰ দিয়াৰ পূর্বেই সেই উত্তৰ কেনেকৈ ফাদিল হ’ল, তাক লৈ প্রশ্ণ উত্থাপন হয়৷ আত্মপক্ষ সমর্থন কৰিবলৈ গৈ বিধায়ক গগৈয়ে তেওঁ সংবাদ মেল অনুষ্ঠিত কৰি সেই কথা কোৱা নাই বুলি উল্লেখ কৰি সাংবাদিকে সোধাৰ বাবেহে কৈছে বুলি দায়সৰা মন্তব্য দিয়ে৷ বিধায়ক গগৈৰ এনে মন্তব্যত সদনৰ শাসক–বিৰোধী উভয় পক্ষৰ সদস্যসকল জাঙুৰ খাই উঠে৷

বিধায়ক গগৈৰ এনে কার্যত আশ্চর্য প্রকাশ কৰি বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে কয় যে প্রশ্ণোত্তৰ কালত প্রশ্ণকর্তা বিধায়কে যাতে ভালদৰে অধ্যয়ন কৰি পৰিপূৰক প্রশ্ণ কৰিব পাৰে, তাৰ বাবেই উত্তৰ আগনিশাই যোগান ধৰা হয়৷ সেই অনুসৰি অখিল গগৈকো মঙলবাৰে নিশাই তেওঁৰ প্রশ্ণৰ উত্তৰ যোগান ধৰা হৈছিল৷ কিন্তু আজি সদন আৰম্ভ হোৱাৰ পূর্বেই সেই উত্তৰ ফাদিল হৈ গ’ল৷ অধ্যক্ষ দৈমাৰীয়ে আজিৰ পৰা কোনো প্রশ্ণৰ উত্তৰ সদনত উত্থাপন নোহোৱালৈকে কাকো যোগান ধৰা নহয় বুলি সদনত সদৰী কৰে৷

অধ্যক্ষ দৈমাৰীয়ে বিধানসভাৰ বিধায়কসকল দায়বদ্ধ ব্যক্তি বুলি উল্লেখ কৰি কয় যে বিধায়ক হৈ অহাৰ লগে লগে প্রত্যেকৰে দায়িত্ব বাঢ়ি যায়৷ সদনত উত্থাপন কৰিবলগীয়া বিষয় সদনতহে ক’ব লাগে৷ নহ’লে ইয়াত কথা পতাৰ দৰকাৰ কি আছে? পথাৰতো কথা পাতিব পৰা গ’লহেঁতেন৷ সদনত যিটো কথা ক’ব, সেইটো নীতি–নিয়মৰ মাজত থাকি ক’ব লাগে৷ প্রতিগৰাকী বিধায়কেই সদনৰ নীতি–নিয়ম মানি চলাৰ শপত লৈছে৷ ইপিনে আজিৰ ঘটনাক দুর্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনত কয় যে মন্ত্রীয়ে যেতিয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে বুলি কয়, তেতিয়াহে বিষয়টো ৰাজহুৱা হৈ পৰে৷ মন্ত্রীয়ে উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে বুলি নোকোৱা পর্যন্ত সেই তথ্য ৰাজহুৱা সম্পত্তি হ’ব নোৱাৰে৷ মন্ত্রীয়ে সদনৰ মজিয়াত উত্তৰ দাখিলৰ এক মিনিট আগলৈকো উত্তৰ সলনি হ’ব পাৰে৷

প্রকৃততে এনে কার্যৰ দ্বাৰা সদনক হাইজেক কৰাৰ চেষ্টা চলোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সদনৰ গৰিমা আমি হানি হ’ব নিদিওঁ৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে নিউজ চেনেল, মিডিয়া আদিও যাতে এনেধৰণৰ কামৰ পৰা বিৰত থাকে, তাৰ বাবে বিধানসভাৰ অধ্যক্ষক তেনে কাম কৰিলে বিশেষাধিকাৰ ভংগৰ প্রস্তাৱ আনিব বুলি নির্দেশ দিয়াৰ আহ্বান জনায়৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই  বিষয়টো গুৰুত্ব সহকাৰে লৈ বিধানসভাৰ অধ্যক্ষক ব্যৱস্থা গ্রহণৰ দাবী জনায়৷ সেইদৰে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে আজিৰ ঘটনাত প্রতিক্রিয়া প্রকাশ কৰি সদনত কয় যে সদনলৈ অহা একাংশৰ মাজত কোনে কিমান আগত নিউজ চেনেলক কথা ক’ব পাৰে, তাৰ প্রতিযোগিতা চলে৷ তাৰ অংশ হিচাপেই আজিৰ এই ঘটনা সংঘটিত হ’ল৷

ইপিনে এই ঘটনাক লৈ মুখ্যমন্ত্রীকে ধৰি শাসক–বিৰোধীৰ সদস্যসকলে সদনত প্রতিক্রিয়া ব্যক্ত কৰি থকাৰ সময়তো বিধায়ক অখিল গগৈয়ে সদনৰ মজিয়াত বাৰে বাৰে থিয় হৈ প্রতিক্রিয়া প্রকাশ কৰিব বিচাৰে৷ বিধায়ক গগৈৰ এনে আচৰণত অতিষ্ঠ হৈ এটা সময়ত বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে কয় যে নামঘৰত কোন, মই কল খোৱা নাই ধৰণৰ আচৰণ কিয় কৰিছে বুলি প্রশ্ণ কৰি অখিল গগৈক বহি থকাৰ নির্দেশ দিয়ে৷

You might also like