নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ অব্যাহত থাকিব, মই মুখ্যমন্ত্রীৰ চকীত থকালৈ আপোচ নহয়

ড্রাগ্ছ–পৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা লোৱাৰ ঘোষণা ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ড্রাগ্ছ মাফিয়াৰ সাম্রাজ্যত কঁপনি তুলি অসম আৰক্ষীয়ে চলোৱা অভিযানক লৈ শেহতীয়াভাৱে বিৰোধীয়ে কৰা সমালোচনাৰ বিপৰীতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট ভাষ্য– ড্রাগ্ছ আৰু অপৰাধীৰ বিৰুদ্ধে এই চৰকাৰৰ নীতি শূন্য সহনশীলতা৷ ড্রাগ্ছ আৰু অপৰাধীৰ বিৰুদ্ধে এই যুঁজ চলি থাকিব৷ মই যেতিয়ালৈ মুখ্যমন্ত্রীৰ চকীখনত থাকিম, কেতিয়াও আপোচ নকৰোঁ৷ বিধানসভাত বুধবাৰে শূন্যকালীন ঘণ্টাত আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্রদীপ হাজৰিকাই ৰাজ্যত ড্রাগ্ছৰ সৰবৰাহ আৰু উত্তৰ–পূবৰ একাংশ ড্রাগ্ছ মাফিয়াই অসমক ড্রাগ্ছৰ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ সম্পর্কে জানিব বিচাৰে৷

বিধায়কগৰাকীয়ে উত্থাপন কৰা এই বিষয়টো সন্দর্ভত বুধবাৰে মুখ্যমন্ত্রী ড০ শর্মাই সদনক কয়– যোৱা দীর্ঘদিন ধৰি অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে নিয়মিতভাৱে অভিযান চলাই আহিছে৷ যোৱা পাঁচটা বছৰত আৰক্ষীয়ে প্রায় ২৭০ কিলোগ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে৷ এয়া মাত্র বিগত সময়ছোৱাত অসমত ব্যৱহাৰ হোৱা ড্রাগ্ছৰ ১০ শতাংশহে জব্দ হৈছে৷ কিন্তু যোৱা দুটা মাহত আমি ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযান তথা সকলো পক্ষৰ সহযোগিতাৰ বাবেই ২৮ কিলোগ্রাম হেৰ’ইন আৰু ১,৮৯৭জন সৰবৰাহকাৰী গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ৷ অসম আৰক্ষীয়ে ইয়াৰ বাবে পঞ্জীয়ন কৰিছে ১,০২১টা গোচৰ৷

মুখ্যমন্ত্রীয়ে কয়– এইখন এখন বেলেগ দুনীয়া৷ আমি সাধাৰণতে ক’ৰবাত ৫ কোটি টকাৰ কেলেংকাৰি, ক’ৰবাত ১০ কোটি টকাৰ কেলেংকাৰিত চকু দিওঁ৷ কিন্তু এইখন এহাজাৰ কোটি টকাৰ ব্যৱসায়ৰ সাম্রাজ্য৷ ড্রাগ্ছৰ প্রতিটো টেবলেটে এটা এটা পৰিয়াল শেষ কৰি দিছে৷ হিন্দী চলচ্চিত্রৰ দৰে আণ্ডাৰ ৱ’ল্ডৰ ঘটনা ঘটিছে এই ড্রাগ্ছ সাম্রাজ্যত৷ ‘উড়তা পঞ্জাব’ চলচ্চিত্রত যিধৰণে পঞ্জাবৰ ভয়াৱহ ড্রাগ্ছৰ ছবি এখন দাঙি ধৰা হৈছিল, এতিয়া আমি ‘উড়তা অসম’ দেখিবলৈ পাইছোঁ৷ বিগত দুমাহত অসম আৰক্ষীয়ে ২৭.৬৩১ কিলোগ্রাম হেৰ’ইন, ১২,৮৮৩ কিলোগ্রাম গাঞ্জা, ৭৮,০০০টা কফ ছিৰাপৰ বটল, তিনি কিলোগ্রাম মৰফিন, কেমিকেল ছাবচটেণ্টছ, ১৩,৬৩,১৮৩, ফেক কাৰেন্সী ১৫ হাজাৰ টকা আৰু নগদ ধন এক কোটি ৮০ লাখ টকা৷ পৰিস্থিতি এনে পর্যায়লৈ গৈছে যে অসম আৰক্ষীতো ড্রাগ্ছৰ সৈতে সংযোগ থকা লোক সোমাই আছে৷ সেইবোৰ ইতিমধ্যে পোহৰলৈ আহিছে৷ এই বিষয়টো মুকলি হ’ল শেহতীয়াকৈ অজিত দাস নামৰ এজন লোকৰ অপহৰণক কেন্দ্র কৰি৷ এয়া সাধাৰণ অপহৰণ বুলি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছিল যদিও পৰৱর্তী সময়ত এই ঘটনাৰ অন্য এটা দিশ আৰক্ষীয়ে উদ্ধাৰ কৰে৷ অজিত দাস নামৰ এই লোকজনে টায়াৰৰ ভিতৰত অহা ১০ কিলোগ্রাম হেৰ’ইন সৰবৰাহ কৰিছিল৷ ইয়াৰ ধন ওভতাই নিদিয়া বাবেই তেওঁক অপহৰণ কৰা হৈছিল৷ হিন্দী চিনেমাৰ কায়দাৰে এই ঘটনাসমূহ সংঘটিত হৈছিল৷ ফলত এই ঘটনাৰ মাষ্টাৰ মাইণ্ড কমলসিং সিন্ধু নামৰ এজন আৰ পি এফৰ নিলম্বিত বিষয়াক কৰায়ত্ত কৰাৰ পাছত আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰাত এনকাউণ্টাৰত নিহত হয়৷

মুখ্যমন্ত্রীয়ে কয়– এতিয়াও আৰক্ষীয়ে জব্দ কৰিব নোৱাৰা ডেৰশৰ পৰা দুশ কিলোগ্রাম ড্রাগ্ছ ঘূৰি আছে৷ কিমান মাক–দেউতাকে মাটি–বাৰী, আ–লংকাৰ বিক্রী কৰিবলগীয়া হৈছে, তাৰ ঠিকনা নাই৷ এই পৰিয়ালসমূহক এনে এক দুর্বিষহ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’ব৷ আমি কোনো আপোচ কৰিব বিচৰা নাই৷ যিদৰে ড্রাগ্ছ সৰবৰাহত দুই–এজন আৰক্ষী জড়িত হৈ পৰিছে, ঠিক তেনেদৰে বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰাত বৰছিং বে’ৰ দৰে জোৱানেও সাহসিকতাৰ পৰিচয় দিছে৷ অসম যাতে ড্রাগ্ছ সৰবৰাহৰ কৰিড’ৰ নহয়, সেই দিশৰ প্রতিহে আমি সর্বাধিক গুৰুত্ব দিছোঁ৷ উত্তৰ–পূবৰ একাংশ উগ্রপন্থী সংগঠন ড্রাগ্ছ সৰবৰাহত জড়িত থকাৰ তথ্য লাভ কৰিছোঁ আমি৷ উত্তৰ–পূবৰ সংগঠন বুলি কওঁতে ইয়াত আলফা জড়িত নাই৷ বৰঞ্চ আলফাৰ দুই–এজন কেডাৰে ড্রাগ্ছ সৰবৰাহকাৰীৰ তথ্যহে যোগান ধৰিছে আৰক্ষীক৷

মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে অসমত প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে জব্দকৃত ড্রাগ্ছ দাহন কৰা হ’ব৷ অহা ১৭ জুলাইত ডিফু আৰু গোলাঘাটত আৰু ১৮ জুলাইত হোজাই আৰু নগাঁৱত ৰাজহুৱাভাৱে ড্রাগ্ছ দাহন কৰি আমি সমাজখনক এটা বার্তা দিব বিচাৰিছোঁ৷ ইফালে বিধানসভাত আজি কংগ্রেছ বিধায়ক ৰকিবুল হুছেইন আৰু শ্বেৰমান আলীয়ে ড্রাগ্ছ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত এনকাউণ্টাৰৰ জৰিয়তে হত্যা কৰা বুলি অভিযোগ তুলি এইক্ষেত্রত চৰকাৰে কি নীতি লৈছে বুলি প্রশ্ণ কৰাত মুখ্যমন্ত্রীয়ে উভতি ধৰে কংগ্রেছৰ বিধায়ক দুগৰাকীক৷ মুখ্যমন্ত্রীৰ মন্তব্য– পুলিচক মাৰিব আৰু আমি চাই থাকিম? তেনে নহ’ব৷ অপৰাধীৰ হাতত পুলিচক মৰিবলৈ নিদিওঁ৷ অপৰাধীৰ কোনো ৱর্কশ্বপ নহয়, যাৰ জৰিয়তে তেওঁলোকক প্রশিক্ষণ দিব পাৰি যে আৰক্ষীয়ে ধৰিলে পলাই নাযাব, পিষ্টল কাঢ়ি নল’ব৷ গতিকে আৰক্ষীৰ পিষ্টল কাঢ়ি মাৰিব খুজিলে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা ল’বই৷ মই আৰক্ষীক স্পষ্ট নির্দেশ দিছোঁ– আইনৰ গণ্ডীত থাকি ব্যৱস্থা লওক৷

আৰক্ষীয়ে কাৰোবাক ধৰিলে বা পিটিলে বিধানসভাত সমালোচনা হ’ব বুলি অপৰাধীৰ বিৰুদ্ধে কঠোৰ নহ’ব সেয়া মই হ’ব নিদিওঁ৷ অপৰাধী বেছি হোৱা বাবেই পুলিচো কঠোৰ হৈছে৷ এনকাউণ্টাৰ বেছি হোৱা নাই৷ এনকাউণ্টাৰত ৭জনে আঘাত পোৱাৰ বিপৰীতে এজন নিহত হৈছে৷ এই অপৰাধীসকলে জানে যে তেওঁলোকক গ্রেপ্তাৰ কৰিলে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে৷ সেয়েহে পলাবলৈ চেষ্টা কৰে৷ গতিকে মই আৰক্ষীক নির্দেশ দিব নোৱাৰোঁ যে সমালোচনা হোৱা বাবে আপোনালোক কঠোৰ নহ’ব৷ মোৰ স্পষ্ট নির্দেশ– আইনত যিধৰণে আছে, সেইধৰণেই কাম কৰক৷ এইক্ষেত্রত অসম চৰকাৰে আৰক্ষীক পূর্ণ সহযোগিতা আগবঢ়াব৷ এইক্ষেত্রত উঠা সমালোচনাক বিহপান কৰাৰ দৰে মই পান কৰি যাম৷

You might also like