নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বার্ষিকৰ সম্পূর্ণ পাঠ্যক্রমেৰে হ’ব পৰীক্ষা

২০২২ বর্ষৰ উচ্চতৰ মাধ্যমিক

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ আগন্তুক ২০২২ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দর্ভত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ সিদ্ধান্ত অনুসৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ সম্পূর্ণ পাঠ্যক্রম সামৰি লৈ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷

এই সম্পর্কত বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে এ এইচ এছ ই চি/এ চি এ/চি আই আৰ/১৪৪/৯৯/বি–১১১ নম্বৰৰ এখন পত্রযোগে শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কসকললৈ নির্দেশনা প্রেৰণ কৰে৷

উল্লেখ্য যে মহামাৰী ক’ভিড–১৯সৃষ্ট জটিল পৰিস্থিতিৰ প্রেক্ষাপটত ৰাজ্যত ২০২১ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ল৷ যাৰ কাৰণে বিকল্প মূল্যায়ন পদ্ধতিৰে চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷

You might also like