নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐক্যবদ্ধ ৰাজনৈতিক দল নহ’লে ৱাক অভাৰ পাব বিজেপিয়ে

আছু–যুৱ ছাত্রৰ ভূমিকাত সন্দিহান অখিল গগৈ

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ  ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা এতিয়াও সুদূৰপৰাহত হৈ ৰৈছে৷ বিশেষকৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রচেষ্টাৰ ওপৰত সন্দেহ ব্যক্ত কৰাৰ পাছত সংগঠনসমূহৰ মাজত সংঘাত পুনৰ গভীৰ হৈ পৰিছে৷ শেহতীয়াকৈ ৰাজনৈতিক দল গঠনৰ বাবে আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতি একগোট হোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছিল৷ আনকি বিগত সোমবাৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে ঐক্যবদ্ধ আঞ্চলিক দল গঠনৰ বাবে জনোৱা আহ্বানৰ প্রতিও ইতিবাচক সঁহাৰি জনাইছিল সদৌ অসম ছাত্র সন্থাই৷ কিন্তু বৃহস্পতিবাৰে দিনটোত সেই সকলো সমীকৰণত যে আকৌ আউল লাগিল৷ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৃষক নেতা অখিল গগৈয়ে আছু আৰু যুৱ–ছাত্র পৰিষদৰ ওপৰত সন্দেহ ব্যক্ত কৰি কয় যে যদিহে ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত সকলো জাতীয়–জনগোষ্ঠীয় সংগঠন একগোট নহয়, তেনেহ’লে অসমীয়া জাতি ভয়ংকৰ বিপদত পৰিব৷ আনহাতে, বিজেপিক জিকাই পঠিয়াব খুজিলে, ৱাক অভাৰ দিব বিচাৰিলে পৃথকে পৃথকে ১০টা ৰাজনৈতিক দল গঠন কৰিব পাৰে৷ আছু, যুৱ–ছাত্র পৰিষদে ঐক্যবদ্ধ ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত কিয় স্পষ্টকৈ কোনো মন্তব্য কৰা নাই, তাক লৈও ক্ষোভ ব্যক্ত কৰে অখিল গগৈয়ে৷ তেওঁ কয় যে এই মুহূর্তত বিজেপিক পৰাভূত কৰিবলৈ সকলো ঐক্যবদ্ধ হ’ব লাগে৷ কিন্তু তাকে নকৰি দল গঠনৰ উদ্যোক্তাসকলে ‘বেঁকাবেঁকী‘ কথা ক’বলৈ আৰম্ভ কৰিছে৷ আদর্শ আৰু কর্মপন্থাৰ অজুহাত দেখুওৱা হৈছে৷ কিন্তু যদিহে এটা দল গঠন হয়, তেনেহ’লে দলটোৰ এখন সংবিধান আৰু কর্মসূচী থাকিব৷ সেই সংবিধান মানি সকলো দলত চামিল হ’ব লাগিব৷ গতিকে আদর্শ আৰু কর্মপন্থা পৃথক হোৱাৰ কথাই আহিব নোৱাৰে৷ তেওঁ এইক্ষেত্রত আছু আৰু যুৱ–ছাত্র পৰিষদৰ ভূমিকাত আশ্চর্য প্রকাশ কৰাৰ লগতে ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিৰ সূচনা হ’ব বুলি আশাও ব্যক্ত কৰে৷ এনে ধুঁৱলী–কুঁৱলী পৰিৱেশৰ মাজতে কাইলৈ সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে প্রস্তাৱিত ৰাজনৈতিক দলটোৰ আহ্বায়ক সমিতি গঠনৰ পূর্ণ সম্ভাৱনা আছে৷ ইয়াৰ পাছতহে বিষয়টো অধিক স্পষ্ট হৈ পৰিব৷

You might also like