নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ হাজাৰ অসমীয়া সেনাই প্রাণ আহুতি দিয়া বিশ্বৰ সর্বশ্রেষ্ঠ যুদ্ধ স্মৃতিক্ষেত্র হ’ব আজ্ঞাঠুৰী

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ আলাবৈ ৰণত অসমৰ ১০ হাজাৰ সেনাই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামৰ বাবে প্রাণ বিসর্জন দি এক ইতিহাস গঢ়িছিল৷ এয়া আছিল আহোম ৰাজত্বকালৰ অসমীয়া সেনাৰ শৌর্য–বীর্য আৰু আত্মাবলিদানৰ স্মৃতি বিজড়িত আলাবৈ ৰণ৷ যুদ্ধত আত্মবলিদান দিয়াসকলক আমি আমাৰ মাজত জীয়াই ৰাখি নতুন প্রজন্মক এই বীৰ যোদ্ধাসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আলাবৈ ৰণৰ স্মৃতি হিচাপে গঢ় দিব বিচৰা হৈছে এখন যুদ্ধৰ স্মৃতিক্ষেত্র৷ এই যুদ্ধৰ স্মৃতিক্ষেত্রখন বিশ্বৰ ভিতৰতে সর্বশ্রেষ্ঠ আকর্ষণীয় স্মৃতিক্ষেত্র হ’ব৷ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ বুধবাৰে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত আলাবৈ স্মৃতি দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমীয়া সেনাৰ এই আত্মবলিদান প্রতিগৰাকী অসমীয়াৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায়৷ অসমীয়া সেনাৰ ত্যাগ আৰু বলিদানে প্রতিটো মুহূর্তত হ’ব পৰা যিকোনো বিপদৰ পৰা সাৱধান হোৱাৰ এক ইংগিত বহন কৰিছে বুলিও তেওঁ দোহাৰে৷ লাচিতে সকলো জাতি–জনগোষ্ঠীক লৈ সমন্বয়ৰ যি বাতাৱৰণ সৃষ্টি কৰিছিল, তাক উদাহৰণ হিচাপে লৈ আমিও বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সকলো জাতি–জনগোষ্ঠী আজি একলগ হৈ অসমখন ৰক্ষা কৰিব লাগিব৷ ভাষণ প্রসংগত তেওঁ পুনৰ কয় যে অযোধ্যাত আজি ৰাম মন্দিৰৰ যি ভূমি পূজন চলিছে, তাৰ পৰা এই কথাটোকে প্রতিপন্ন কৰিছে যে মহাত্মা গান্ধীয়ে পৰিকল্পনা কৰা ভাৰতবর্ষ সপোনৰ ৰামৰাজ্য আজি বাস্তৱ হ’ল৷ দেশৰ প্রধানমন্ত্রীয়ে ৰাম মন্দিৰৰ ভূমি পূজন কৰি সমগ্র হিন্দুক এক নতুন প্রেৰণা যোগালে বুলিও তেওঁ কয়৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলাবৈ ৰণত প্রাণ আহুতি দিয়া প্রতিগৰাকী অসমীয়া সেনালৈ গভীৰ শ্রদ্ধা নিবেদন কৰে৷ ভাষণত মন্ত্রী ড০ শর্মাই কয় যে দহ হাজাৰ যোদ্ধাই একলগ হৈ দেশমাতৃৰ বাবে একেদিনাই যিদৰে প্রাণ বিসর্জন দিলে, ঠিক তেনেদৰে দেশৰ সভ্যতা–সংস্কৃতি আৰু অসমৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ আমি সকলোৱে ঐক্যবদ্ধ হ’ব লাগিব৷ আলাবৈ ৰণত প্রাণ বিসর্জন দিয়া ঘটনাটোক প্রেৰণাৰ উৎস হিচাপে গ্রহণ কৰি অসমখনক সকলো দিশৰ পৰা সুৰক্ষিত কৰিবলৈ আমি সকলোৱে একতাৰে আগুৱাই যাব লাগিব বুলিও তেওঁ উল্লেখ কৰে৷ ভাষণত তেওঁ আলাবৈ ৰণৰ যুদ্ধৰ স্মৃতিক্ষেত্র নির্মাণৰ বাবে কামৰূপ জিলা প্রশাসনৰ জৰিয়তে আজ্ঞাঠুৰীৰ সমীপত ৮৭ বিঘা চৰকাৰী ভূমি আবণ্টন দিয়াৰ কথা ঘোষণা কৰে৷ অনুষ্ঠানত ৰাজ্যৰ পূৰাতত্ত্ব আৰু জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত উপস্থিত থাকি ৰাজ্যৰ প্রত্নতত্ত্ব বিভাগে অতি মনোমোহাকৈ আলাবৈ ৰণৰ যুদ্ধৰ স্মৃতিক্ষেত্রখন নির্মাণ কৰি উলিয়াব বুলি কয়৷ কামৰূপ জিলা প্রশাসন, শৰাইঘাট জার্নেলিষ্ট ফ’ৰাম আৰু আলাবৈ ৰণ স্মৃতিৰক্ষা সমিতিৰ সহযোগত আৰু ৰাজ্যৰ প্রত্নতত্ত্ব সঞ্চালকৰ উদ্যোগত অনুষ্ঠিত আলাবৈ স্মৃতি দিৱসৰ মুকলি সভাত আদৰণী ভাষণ প্রদান কৰে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব প্রৱণ কুমাৰ বৰঠাকুৰে৷ অনুষ্ঠানত শৰাইঘাট জার্নেলিষ্ট ফ’ৰামৰ সম্পাদক মধুসূদন মেধিয়ে ভাষণ প্রদান কৰি সাংবাদিক অনুষ্ঠানটোৱে ২০০৫ বর্ষৰ পৰাই আলাবৈ ৰণৰ ইতিহাস উদ্ধাৰৰ চেষ্টত ব্রতী হোৱা বুলি উল্লেখ কৰি এই সন্দর্ভত বিগত বর্ষসমূহত কৰি অহা কামৰ এক খতিয়ান দাঙি ধৰে৷ অনুুষ্ঠানত বিধায়ক সত্যব্রত কলিতা, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, কামৰূপ উপায়ুক্ত কৈলাস কার্তিক, আৰক্ষী অধীক্ষক পর্থসাৰথি মহন্ত, শিক্ষাবিদ দয়ানন্দ বৰগোহঁাই, সদৌ অসম আহোম সন্থাৰ সভাপতি উমা কোঁৱৰ প্রমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত পার্থসাৰথি মহন্তৰ স্বৰচিত কবিতা ‘আলাবৈ শ্রদ্ধা’ পাঠ কৰে কপিল বৰাই৷ লগতে এখন আলাবৈ ৰণৰ ওপৰত তথ্যচিত্রও প্রদর্শন কৰা হয়৷ মুকলি সভাৰ পূর্বে শ্বহীদসকলৰ স্মৃতি স্তম্ভত পুষ্পাঞ্জলি অর্পণ কৰে মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী, জলসম্পদ মন্ত্রী আৰু আমন্ত্রিতসকলে৷ ইয়াৰ পাছতে তিনিওগৰাকী মন্ত্রীয়ে আহোমৰ পৰাম্পৰাগত অনুষ্ঠানত ভাগ লয়৷

You might also like