নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনা আক্রান্ত ৬ ব্যক্তিৰ মৃত্যু

বুধবাৰে ২,২৮৪ পজিটিভ–সংক্রমিত ৫০ হাজাৰ অতিক্রম

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ    ৰাজ্যত ক’ৰোনাৰ সংহাৰী ৰূপ অব্যাহত আছে৷ ইয়াৰ সমান্তৰালভাৱে মৃত্যুৰ সংখ্যা বৃদ্ধিয়ে পৰিস্থিতি জটিল কৰি তুলিছে৷ বুধবাৰে পুনৰ ক’ৰোনাত আক্রান্ত হৈ ৬জনকৈ লোকে মৃত্যুবৰণ কৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত্যু হোৱা লোককেইজন হ’ল– কামৰূপ মহানগৰ জিলাৰ ৰমেশ চন্দ্র মেধি (৮১), ডিব্রুগড় জিলাৰ ৰামকুমাৰ মাহাতো (৫৯), তাৰিণী চন্দ্র কলিতা (৬০), তিনিচুকীয়া জিলাৰ বাদল দেৱনাথ (৫৬), কাছাৰ জিলাৰ কানু পল (৫৬) আৰু দৰং জিলাৰ লালভানু খাতুন (৩৫)৷ আজি মৃত্যু হোৱা লোককেইজনৰ সৈতে ৰাজ্যত ক’ৰোনা আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১২১জনলৈ বৃদ্ধি পালে৷ ইফালে, আজিৰ দিনটোত ৰাজ্যত নতুনকৈ ক’ভিড আক্রান্ত হৈছে ২,২৮৪গৰাকী লোক৷ ইয়াৰে ৩৬২গৰাকী কামৰূপ মহানগৰৰ, ১৭৭গৰাকী ডিব্রুগড়ৰ, ১৫৭গৰাকী নগাঁৱৰ আৰু ১২৩গৰাকী কামৰূপ (গ্রাম্য) জিলাৰ৷ উল্লেখ্য যে আজিৰ দিনটোত ৰাজ্যখনৰ ৫৯,১৬২গৰাকী লোকৰ ক’ৰোনা পৰীক্ষা কৰা হয়৷ আক্রান্তৰ হাৰ হ’ল ৩.৮৬ শতাংশ৷ সুস্থ হৈ উঠা ১,৪৭১গৰাকী ক’ৰোনা আক্রান্তক আজি ৰিলিজ দিয়া হয়৷ লক্ষণীয়ভাৱে বুধবাৰে দিনটোত ৰাজ্যৰ মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা ৫০ হাজাৰৰ সীমা অতিক্রম কৰে৷
ক’ৰোনাৰ গ্রাসত ৩১খন কাৰাগাৰ, ৮১১৯ কয়দীৰ ১৩০০ আক্রান্ত
১২ আগষ্টৰ পৰা কৰা হ’ব ১ লাখকৈ টেষ্ট
মহামাৰী ক’ৰোনাকেন্দ্রিক পৰিৱেশ প্রতিদিনে জটিল হৈ পৰিছে সমগ্র ৰাজ্যত৷ প্রতিখন জিলাত আক্রান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ লগতে ক’ভিড–১৯ত আক্রান্ত হৈ প্রতিদিনে মৃত্যু হৈছে বহু লোকৰ৷ এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ কাৰাগাৰসমূহ ক’ৰোনাৰ হটস্পট ৰূপে পৰিগণিত হোৱাত চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ৷ উল্লেখ্য যে শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণ প্রতিখন কাৰাগাৰত বৃদ্ধি হোৱাত আক্রান্ত হৈছে বহুসংখ্যক কয়দী৷ ইতিমধ্যে ক’ৰোনাৰ সংক্রমণে অসম আৰক্ষীকো যথেষ্ট ক্ষতিগ্রস্ত কৰিছে৷ প্রায় ১,৭০০ আৰক্ষী বিষয়া–জোৱান ক’ৰোনাত আক্রান্ত হৈছে৷ অসম আৰক্ষী এই পৰিস্থিতিৰ লগত যুঁজি থকাৰ সময়তে ৰাজ্যত ৩১খন কাৰাগাৰত থকা ৮,৮১৯জন কয়দীৰ ১,৩০০ হাজোতী ক’ৰোনাত আক্রান্ত হোৱা ঘটনাই আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগকো চিন্তিত কৰিছে৷ কিয়নো আক্রান্ত কয়দীসকলক চিকিৎসাৰ লগতে সুৰক্ষাৰ ক্ষেত্রতো বিশেষ নজৰ দিব লগা হৈছে৷ অৱশ্যে এনে জটিল পৰিস্থিতিৰ মাজতো স্বাস্থ্য বিভাগে ৰাজ্যত ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ শেহতীয়াকৈ দৈনিক ৫০ হাজাৰৰ পৰা ৭০ হাজাৰ লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰিছে স্বাস্থ্য বিভাগে৷ কালি স্বাস্থ্য বিভাগে ৫৯,০৬৪জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিছে৷ এই সংখ্যা ১ লাখলৈ বৃদ্ধি কৰাৰ বাবে আৰম্ভ হৈছে প্রস্তুতি৷ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই প্রকাশ কৰা মতে, ১২ আগষ্টৰ পৰা প্রতিদিনে ১ লাখ লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ মন কৰিবলগীয়া যে ক’ভিড পৰীক্ষাৰ ক্ষেত্রত দেশৰ ভিতৰতে পঞ্চম স্থানত আছে অসম৷ যোৱা জুলাই মাহত প্রতি ১ লাখজন লোকৰ বিপৰীতে অসমত ২৭,৫৪৪জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ এই সংখ্যা অধিক বৃদ্ধি কৰাৰ বাবে স্বাস্থ্য বিভাগে ক্ষিপ্রতাৰে ব্যৱস্থা আৰম্ভ কৰিছে৷ উল্লেখ্য যে ৰাজ্যত ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে অধিকাংশ ক’ৰোনা আক্রান্ত চিনাক্ত কৰিবলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগ৷ ফলত দৈনিক আক্রান্তৰ সংখ্যাও বৃদ্ধি হ’বলৈ লৈছে৷ অৱশ্যে ৰাজ্যত শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ হাৰ ৫ শতাংশৰ পৰা ৪.৮৬ শতাংশলৈ হ্রাস পাইছে৷
এ এম চিত দুজন ক’ভিড আক্রান্তৰ মৃত্যু
ডিব্রুগড় জিলাত দৈনিক ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ আক্রান্তৰ সমান্তৰালকৈ জিলাখনত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ বুধবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা দুজন ক’ভিড আক্রান্ত ব্যক্তিৰ মৃত্যু হয়৷ অৱশ্যে প্রশাসনে লোক দুজনৰ মৃত্যুৰ কাৰণ ক’ভিড নে অন্য ৰোগত আক্রান্ত হৈ মৃত্যু ঘটিছে, সেয়া এতিয়াও স্পষ্ট কৰা নাই৷ ইফালে জিলাখনৰ ভিন্ন প্রান্তত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থাৰ পাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ যাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ আসনৰ নাটনি ঘটিছে৷ চহৰৰ সমীপৰ খনিকৰত এখন ক’ভিড কেয়াৰ হাস্পতাল স্থাপন কৰা হৈছে যদিও এতিয়াও কার্যক্ষম হৈ নুঠাত বৃহৎসংখ্যক ক’ৰোনা আক্রান্তক লৈ বিপাঙত পৰিছে স্বাস্থ্য বিভাগ৷ উল্লেখ্য যে কেইবাকোটি টকাৰে ক’ভিড কেয়াৰ কেন্দ্রটো ৩০০ বিছনাযুক্ত দুটাকৈ বিশাল মণ্ডপত নির্মাণ কৰি উলিওৱা হৈছিল৷ কালি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই কেন্দ্রটো উদ্বোধন কৰিছিল৷ কিন্তু সম্পূর্ণ প্লাষ্টিক সামগ্রীৰে নির্মাণ কৰা মণ্ডপ দুটাত অসহ্য গৰমৰ বাবে ৰোগীয়ে থাকিবলৈ অস্বীকাৰ কৰাত এতিয়ালৈ কেন্দ্রটোত এজনো ক’ৰোনা আক্রান্তক ভর্তি কৰা হোৱা নাই৷
অইল ইণ্ডিয়াৰ অৱসৰপ্রাপ্ত কর্মচাৰীৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু
অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী অৱসৰপ্রাপ্ত কর্মচাৰী তাৰিণী চৰণ কলিতা ক’ভিড ৰোগত আক্রান্ত হৈ কালি ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ উল্লেখ্য যে যোৱা ৩ আগষ্টত ক’ৰোনাৰ লক্ষণ দেখি তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ আজি মৃত্যু হোৱা লোকজনৰ জিলা প্রশাসনৰ সহযোগত টিপলিংস্থিত শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷
ক’ৰোনাত আক্রান্ত পশ্চিম যোৰহাট অঞ্চলত দ্বিতীয়জন ব্যক্তিৰ মৃত্যু
ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা পশ্চিম যোৰহাট অঞ্চলৰ দ্বিতীয়জন ব্যক্তিৰ আজি মৃত্যু হয়৷ মৃত ব্যক্তিজন সাহপুৰীয়া গাঁৱৰ ভৰত চন্দ্র বৰা (৬০)৷ যোৱা ১ আগষ্টত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে আজি পুৱতিনিশা তেওঁৰ মৃত্যু হয়৷ প্রশাসনৰ লোকে পৰিয়ালৰ উপস্থিতিত আজি যোৰহাট গড়মূৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে৷ উল্লেখ্য যে সাহপুৰীয়া গাঁৱৰ ১১গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে চন্দ্রকান্ত ফুকন নামৰ লোকজনৰ ৩ আগষ্টত মৃত্যু হয়৷ আনহাতে, এজন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আনসকল কোৱাৰেণ্টাইন হৈ আছে৷
ঘোগামুখ অঞ্চলৰ প্রথমজন ক’ৰোনা আক্রান্তৰ মৃত্যু
যোৰহাট জিলাৰ ঘোগামুখ অঞ্চলৰ প্রথমগৰাকী ক’ৰোনা আক্রান্ত লোকৰ মৃত্যু হৈছে৷ জানিব পৰা মতে, ঘোগামুখ খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্গত দোলাকাষৰীয়া গাঁৱৰ তপন খাটনিয়াৰ নামৰ ৬৫ বছৰীয়া লোকজনৰ কালি নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটে৷ যোৱা কেইদিনমান ধৰি জ্বৰ, কাহত ভুগি থকা লোকজনক ১ আগষ্টত ক’ৰোনাত আক্রান্ত হিচাপে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ ইফালে, পৱন খাটনিয়াৰৰ পত্নী আৰু পুত্রও ক’ৰোনাত আক্রান্ত হৈ বর্তমানে ঘোগামুখ আদর্শ চিকিৎসালয়ত ক’ভিড ৱার্ডত চিকিৎসাধীন হৈ আছে৷
নগাঁও জিলাত ক’ৰোনা আক্রান্তৰ সংখ্যা ২,৭৬৩লৈ বৃদ্ধি
ক’ৰোনাৰ দ্রুত সংক্রমণে নগাঁও জিলাত জটিল ৰূপ ধাৰণ কৰিছে৷ নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্রই প্রকাশ কৰা তথ্য অনুসৰি আজিৰ দিনটোত জিলাখনত ১৮৬জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াকে লৈ জিলাখনত ক’ৰোনা আক্রান্তৰ সংখ্যা ২,৭৬৩লৈ বৃদ্ধি পালে৷ আজি আক্রান্ত হোৱা লোকসকলৰ ভিতৰত ৩০জনক আৰ টি পি চি আৰ টেষ্টৰ জৰিয়তে আৰু ১৫৬জনক ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে পজিটিভ বুলি চিনাক্ত কৰা হৈছে৷
তেজপুৰৰ নার্ছিং হোম ক’ভিড হটস্পট ৰূপে চিনাক্ত
ক’ভিডৰ হটস্পট ৰূপে পৰিগণিত হৈছে তেজপুৰৰ কেইবাখনো নার্ছিং হোম৷ বিগত তিনিটা দিনত চহৰখনৰ পাঁচখনকৈ নার্ছিং হোমত চিকিৎসাধীন বহু লোক ক’ৰোনাত আক্রান্ত হৈছে৷ তেজপুৰ চহৰৰ ৰাণু সিং ৰোডত থকা ই এম এম হাস্পতালৰ দুজন কর্মচাৰী ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত মিছন চাৰিআলিৰ টাইছ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ সত্যজিৎ বৰা আৰু আন কেইবাজনো ক’ৰোনাত আক্রান্ত হয়৷ আনহাতে, জয়মতী পথাৰৰ সমীপত গগৈ নার্ছিং হোম আৰু বি কে নার্ছিং হোমতো ক’ৰোনাৰ সংক্রমণ ঘটিছে৷ এনে পৰিস্থিতিত জিলা প্রশাসনে নার্ছিং হোমলৈ চিকিৎসা কৰিবলৈ অহাৰ পূর্বে শোণিতপুৰ জিলাৰ বাহিৰৰ লোকসকলে নিজ নিজ জিলাত ক’ভিড টেষ্ট কৰি আহিবলৈ নির্দেশনা জাৰি কৰিছে৷
শুৱালকুছি–বংশৰ– ২২গৰাকী ক’ৰোনাত আক্রান্ত
শুৱালকুছি, বংশৰ আৰু বামুন্দীত আজি ২২গৰাকী লোকৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰিছে৷ শুৱালকুছি প্রাথমিক স্বাস্থ্যকেন্দ্রৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দীপক চন্দ্র দাসে জানিবলৈ দিয়া মতে, আক্রান্ত হোৱা লোকসকলৰ ভিতৰত শুৱালকুছিত ৮গৰাকী, বংশৰত ৩গৰাকী আৰু বামুন্দীৰ ১১গৰাকী লোক আছে৷
যোৰহাটত পুনৰ ৭৯গৰাকী ক’ৰোনা আক্রান্ত চিনাক্ত
যোৰহাটত ক্রমাৎ বৃদ্ধি পাইছে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা৷ বুধবাৰে জিলাখনত ৭৯গৰাকী লোক আক্রান্ত হৈছে৷ এতিয়ালৈ জিলাখনত ২,৪৯২জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আনহাতে, ১,২০৮জন লোক সুস্থ লৈ ঘৰলৈ উভতিছে৷
ক’ৰোনামুক্ত হ’ল এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল
প্রায় ২৫ দিনৰ অন্তত বর্তমান সম্পূর্ণৰূপে আৰোগ্য হৈ উঠিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল৷ শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা সাংসদগৰাকীৰ শাৰীৰিক পৰীক্ষাৰ লগতে ক’ভিড–১৯ পৰীক্ষা সম্পন্ন হয়৷ মঙলবাৰে এই ফলাফল ঋণাত্মক বুলি চিকিৎসকে জানিবলৈ দিছে৷ বর্তমান মুম্বাইৰ নিজা বাসভৱনত আজমলে জিৰণি লৈ আছে৷

বিহালীত জামে মছজিদৰ সভাপতি ক’ৰোনাত আক্রান্ত
ক’ৰোনা সংক্রমণে এতিয়া কঁপাই তুলিছে বিহালী আৰু বৰগাং অঞ্চল৷ শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছে বিহালী খণ্ডৰ স্বাস্থ্যকেন্দ্রৰ ফার্মাচিষ্ট নৱ কুর্মী৷ ফার্মাচিষ্টজন আক্রান্ত হোৱাত চিকিৎসালয়ৰ স্বাস্থ্যকর্মীসকলো আতংকিত হৈ পৰিছে৷ আনহাতে, বৰগাং জামে মছজিদৰ পৰিচালনা সমিতিৰ সভাপতি মেহবুব আলম ক’ৰোনাত আক্রান্ত হৈছে৷
চাংসাৰিৰ এইমছত ৩, মার্গো কোম্পানীৰ ১৩সহ ৪৩ ক’ৰোনাত আক্রান্ত
চাংসাৰিত নির্মীয়মাণ সর্বভাৰতীয় চিকিৎসা প্রতিষ্ঠান এইমছৰ নির্মাণকার্যত জড়িত তিনিজন লোক ক’ৰোনাত আক্রান্ত হিচাপে চিনাক্ত হৈছে৷ কালি বিয়লি নির্মাণস্থলীত ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল এই লোকসকলৰ৷ আনহাতে, মার্গো নামৰ চাবোন কোম্পানীটোৰ ১৩জন শ্রমিকৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হৈছিল৷ যোৱা সময়ছোৱাত চাংসাৰিত চলোৱা এণ্টিজেন টেষ্টত ৪৩জন লোক ক’ৰোনা আক্রান্ত হিচাপে চিনাক্ত হৈছে৷
বিশ্বনাথত অ’ চি, ডি এছ পিসহ ১২জন আৰক্ষী ক’ৰোনাত আক্রান্ত
বিশ্বনাথ জিলাত শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ জিলাখনত বর্তমানলৈকে ৭৮জন আৰক্ষী আক্রান্ত হৈছে৷ কালি বিশ্বনাথৰ উপ–আৰক্ষী অধীক্ষক (সদৰ) মুজাফৰ হুছেইন, বিশ্বনাথ চাৰিআলি থানাৰ অ’ চি শোভন চন্দ্র দাসসহ ১২জন আৰক্ষী ক’ৰোনাত আক্রান্ত হৈছে৷
নলবাৰীত ৫৯জন ক’ৰোনাত আক্রান্ত
নলবাৰীত বুধবাৰে দিনটোত ৫৯জন ক’ৰোনা আক্রান্ত ধৰা পৰিছে৷ জিলাখনত ইতিমধ্যে মুঠ ৯৩১জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ সম্প্রতি ইয়াৰে চিকিৎসাধীন হৈ আছে ৩৫৪গৰাকী৷
তিনিচুকীয়াত সাতদিনীয়া লকডাউন ঘোষণা
ক’ৰোনা সংক্রমণৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা ১১ আগষ্টলৈ সাতদিনীয়া লকডাউন ঘোষণা কৰা হৈছে তিনিচুকীয়া পৌৰসভা আৰু মাকুম পৌৰসভাৰ অন্তর্গত এলেকাত৷ জিলা প্রশাসনে সাত দিনৰ বাবে জাৰি কৰা লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সকলো সেৱা বন্ধ থাকিব৷ উল্লেখ্য যে জিলাখনত ক’ৰোনা আক্রান্তৰ সংখ্যা ২,২৮৫জনলৈ বৃদ্ধি পাইছে৷ বুধবাৰে জিলাখনত পুনৰ ৫৬গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷

You might also like