নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএমশ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা 

“চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো তেওঁলোকক সতীৰ্থ বিষয়া কৰ্মচাৰীয়ে গুৰুত্ব দিব লাগে। বহুত বছৰ ধৰি একেলগে একেখন বিদ্যালয়তে  শিক্ষকতা কৰি অৱশেষত চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি চাকৰিয়াল সকলে অৱসৰ গ্ৰহণ কৰে।

তাৰ পিছতে অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সকলক পৰবৰ্তী সময়ত তেওঁলোকৰ সতীৰ্থ সকলে গুৰুত্ব নিদিয়ে নতুবা এৰাই চলে। আনকি অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ গুণ গৰিমা গাই ভাষণ দিয়া সতীৰ্থ জনেও কিছুদিন যোৱাৰ পিছতে সম্পূৰ্ণ সলনি হয়। অসমীয়াত এষাৰ কথা আছে যে-  হৈছো যেনে, হ’বা তেনে।

চৰকাৰী চাকৰি কৰিলেই এদিন অৱসৰ গ্ৰহণ কৰিবই লাগিব। গতিকে আজি এই বিদ্যালয়ৰ পৰা বিগত কেইবাবছৰ ধৰি শিক্ষকতা কৰা শিক্ষক শিক্ষয়িত্ৰী সকলক অৱসৰ গ্ৰহণ কৰাৰ পিছতো সতীৰ্থ সকলে সম্পূৰ্ণ মৰ্যাদা প্ৰদান কৰক।

নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত পি এম শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰা তিনি গৰাকী শিক্ষক-শিক্ষয়ত্ৰী, এগৰাকী কৰ্মচাৰী আৰু এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী গোটৰ লগতে ছাত্ৰ একতা সভাই অনুষ্ঠিত কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ উদ্দেশ্যে নিজৰ অভিজ্ঞতা সোঁৱৰণ কৰি এনেদৰ কয় বিদ্যালয় খনৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি বীৰেন্দ্ৰ কলিতাই।

বিদ্যালয় খনৰ মুকলি মঞ্চত জ্যেষ্ঠ শিক্ষক গিৰীশ তালুকদাৰৰ সঞ্চালনাত বিদায়ী সম্বৰ্ধনা সভা খন অনুষ্ঠিত হয়। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অংকুৰ মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা তথা বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ কন্দৰ্প কলিতাই আঁতধৰা সভা খন এটি সমবেত সংগীতৰে আৰম্ভ কৰে।

অৱসৰী শিক্ষয়িত্ৰী গীতা কলিতা, জ্যেষ্ঠ শিক্ষক আহমদ আলী, স্বৰ্গেশ্বৰ বেজবৰুৱা, কাৰ্যালয় সহায়ক জিতেন বড়ো আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বাণেশ্বৰ কলিতাক শিক্ষক কৰ্মচাৰী গোট তথা ছাত্ৰ ছাত্ৰী সকলে একোখনকৈ ফুলাম গামোচা, শৰাই, ধৰ্মগ্ৰন্থ, মুল্যবান কিতাপ, অংগবস্ত্ৰ আৰু একোখন মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি বিদায়ী শিক্ষক আহমদ আলী, স্বৰ্গেশ্বৰ বেজবৰুৱা আৰু কৰ্মচাৰী বাণেশ্বৰ কলিতা তেওঁ লোকৰ কৰ্মময় জীৱনৰ কিছু কথা ৰোমন্থন কৰি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য ভাষণ দিয়ে। সভাত উপস্থিত থকা পি এম শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল শৰ্মা, বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি বীৰেন্দ্ৰ কলিতা, বিদ্যালয় খনৰ পৰিচালনা উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি জগত তালুকদাৰ, উপ- সভাপতি ৰাতুল চন্দ্ৰ ডেকা, উপাধ্যক্ষ কন্দৰ্প কলিতা, জ্যেষ্ঠ শিক্ষয়িত্ৰী অনিতা দেৱী, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অংকুৰ মহন্তই চৰকাৰী চাকৰিৰ পৰা বিদায় হোৱা শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী সকলে বিগত সময়ত পি এম শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শিক্ষা দান দিয়া, তথা কৰ্মচাৰী দুগৰাকীয়ে বিদ্যালয় খনত দেখুওৱা পাৰদৰ্শিতাৰ সলাগ লয়।

উল্লেখ্য যে- গীতা কলিতাই ১৯৯৪ চনৰ ১০ আগষ্টত পূৰ্বৰ ঘগ্ৰাপাৰ হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি এই বৰ্ষৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। আহমদ আলীয়ে এই বিদ্যালয়ত ১৯৯২ চনত শিক্ষক হিচাপে সেৱা আগবঢ়াই যোৱা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে।

সভাত ছাত্ৰী তৃষামণি শৰ্মা, পংখী তালুকদাৰ আৰু পৰিশ্মিতা কলিতাৰ নৃত্য আৰু কাৰ্ত্তিক তালুকদাৰ গীতে সকলোকে আপ্লুত কৰে। বিদায়ী সভাত পি এম শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ উপ সভাপতি উমেশ বৈশ্য, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিভূসেন ডেকা, অৱসৰপ্ৰাপ্ত দ্বীপেন বৈশ্যকে ধৰি বিদ্যালয় খনৰ সকলো বিষয় শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকি সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সকলৰ সু স্বাস্থ্য কামনা কৰে।

নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ২৩ মে’

You might also like