নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত সদৌ অসম দিহানামত শ্ৰেষ্ঠ দুলীয়াজানৰ নূপুৰ

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক জন্ম জয়ন্তী উপলক্ষত শিৱসাগৰৰ গায়ন হৰিনাম সমাজৰ উদ্যোগত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ শংকৰ মন্দিৰ পথত অৱস্থিত গায়ন হৰিনাম সমাজ নামঘৰ প্ৰাংগনত দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত দিহা নাম প্ৰতিযোগিতাৰ নিশাৰ বঁটা বিতৰণী আৰু মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত বিশিষ্ট নিবন্ধকাৰ তথা গড়গাও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই কয় যে, আজিৰ এই বিশ্বায়নৰ যুগত আমি শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা যেন অনুভৱ হয়। আমি যদি আধ্যাত্মিকতাৰ ঘাইশিপা ডালৰ পৰা যদি বিচ্ছিন্ন হৈ পৰো তেন্তে মায়াময় পৃথিৱীখনৰ বৈষয়িক বাসনাৰ মাজত আবদ্ধ হৈ পৰি মানৱ জীৱনৰ মুল লক্ষ্য তথা চৰম প্ৰাপ্তিৰ পৰা আমি বিচ্যুত হৈ পৰিম। গুৰুজনাৰ দৰ্শন আৰু আদৰ্শৰ প্ৰাসংগিকতা তাহানিও আছিল আৰু এতিয়াও আছে আৰু অনাদি অনন্ত কাললৈ থাকিব। গুৰুজনাৰ নীতি, আদৰ্শ, লক্ষ্য আৰু সৃষ্টিৰাজীক গ্ৰহণ কৰিলেহে আমাৰ মানৱ জীৱনে সাৰ্থকতা লাভ কৰিব পাৰিব। গুৰুজনাৰ আদৰ্শৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰিবৰ বাবে অভিভাৱকৰ লগতে শিক্ষাগুৰু সকলেও সমানেই প্ৰচেষ্টা চলাব লাগিব। গুৰুজনাৰ সৃষ্ট ভাওনা, বৰগীত অথবা দিহানাম, দেহ বিচাৰৰ গীত সমূহত যদি আমি পৰিৱৰ্তনৰ ধামখুমিয়াত পৰিবৰ্তনৰ মাজলৈ এৰি দিও তেতিয়া গুৰুজনাৰ সৃষ্ট-কৃষ্টি সংস্কৃতিৰ মৌলিকতা আমি ৰক্ষা কৰিব নোৱাৰিম। আমাৰ গুৰুজনাৰ সৃষ্ট- কৃষ্টি সংস্কৃতিৰ অনুধাৱন আৰু অনুৰণন কৰাৰ যি ব্যাপক প্ৰৱনতা আৰু প্ৰসাৰতাক আমি কিছু বিশুদ্ধিকৰন আৰু সংস্কাৰেৰে অধিক প্ৰসাৰতাৰ দিশলৈ লৈ যাব পাৰো।বিশিষ্ট সমাজকৰ্মী সৌৰভ মহন্ত, ভাওনা শিল্পী পৰাগ দাস-ৰাজীৱ দাসৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা বঁটা বিতৰণী সভাখনত ডঃ মহন্তই পুণৰ কয় যে, ধৰ্ম আৰু আধ্যাত্মিকতা একে নহয়। ধৰ্ম হৈছে জীৱন ধাৰণৰ এক শৈলী। জীৱন ধাৰণৰ কাৰনে এক নিৰ্দিষ্ট কক্ষপথত বিজ্ঞানসন্মত ভাৱে হৰিসেৱাৰ মাজেৰে পালন কৰা পদ্ধতিয়েই হৈছে ধৰ্ম। কিন্তু আধ্যাত্মিকতা হৈছে অন্তৰাত্মাক অনুধাৱন কৰাৰ এক প্ৰক্ৰিয়া। আমি নিজৰ অন্তৰাত্মাক উপলব্ধি কৰিব লাগিব। আমি কৰ পৰা সৃষ্টি হৈছোঁ, কেনেকৈ জীৱন নিৰ্বাহ কৰিম আৰু মানৱ জীৱনৰ অন্ত কেনেকৈ পেলাম। সেইকথা আত্ম্উপলব্ধি কৰিব পৰাটোৱেই আধ্যাত্মিকতা। গুৰুজনাৰ নীতি আৰু আদৰ্শ আৰু দৰ্শনৰ প্ৰতি আমি নতুন প্ৰজন্মক আকৰ্ষিত কৰি তেওঁলোকক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰি তেওঁলোকক আমি মানৱতাৰ নিদিষ্ট কক্ষপথত প্ৰতিষ্ঠা কৰিব লাগিব বুলি ড০ সব্যসাচী মহন্তই উল্লেখ কৰে।ইফালে ইয়াৰ পিছতেই বিশিষ্ট- আমন্ত্ৰিত ব্যক্তি সকলৰ হতুৱাই দিহানামৰ শ্ৰেষ্ট দল হিচাবে বিবেচিত হোৱা দুলীয়াজানৰ নুপুৰ দিহা নাম, কালুগাৱৰ সত্য সন্ধ্যা, তৃতীয় স্থানত যুটীয়া ভাৱে যোৰহাটৰ হৰিপ্ৰিয়া, মৰিগাৱৰ ৰাধাকৃষ্ণ দলক নগদ ধনৰ পুৰস্কাৰ, মান পত্ৰ,ট্ৰফিৰে সন্মানিত কৰা হয় ৷ আনহাতে নামতিৰ শ্ৰেষ্ঠ দল হিচাবে দেৰগাৱৰ প্ৰাঞ্জলিকা হাজৰিকা, নাগাৰা বাদকত যোৰহাটৰ নিতুমণি বৰা (বায়ন) আৰু খোল বাদনত শ্ৰেষ্ঠ দল হিচাবে বিবেচিত হয় শিৱসাগৰৰ পানী বিলৰ বুদ্ধ মেচ ৷প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিটো দলকেই পুৰ্বতে ঘোষিত মাননী অনুসৰি সন্মানিত কৰা হয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like