নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত বিদেশী গোচৰৰ ভাবুকিৰে হাবিলদাৰ জয়ন্ত দাসৰ ধন দাবী

বাৰ্তা বুৰো, ২ অক্টোবৰঃ যি সময়ত অসম আৰক্ষীৰ সংস্কাৰ সাধনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতো গা লৰা নাই একাংশ আৰক্ষীৰ। মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ হাবিলদাৰ জয়ন্ত কুমাৰ দাসৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত খাটৰৱৰী থানাগৰা গাঁৱৰ একাংশ সংখ্যালঘু লোকে অভিযোগ উত্থাপন কৰি প্ৰকাশ কৰিছে বিস্ফোৰক অভিযোগ। অভিযোগ অনুসৰি সীমান্ত শাখাৰ হাবিলদাৰ জয়ন্ত কুমাৰ দাসে আৰু সেই অঞ্চলৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হুছেইন আলী আৰু জেহিৰুল ইছলামৰ সৈতে মিলিত হৈ এই অঞ্চলৰ বাসিন্দা অৰিজোল হক, মন্নছ আলী, আব্দুল হেকীম, হিফযোৰ ৰহমান, হজৰত আলী, নুৰ জামাল, মামুদ আলী, ৰবি উল্লাহ, অলী উল্লাহ আদি ১২গৰাকী ব্যক্তিক বিদেশী গোচৰ ৰুজু হোৱাৰ ভয় দেখুৱাই একপ্ৰকাৰে ভাবুকি প্ৰদান কৰি গোচৰ মীমাংসাৰ নামত ১০ৰ পৰা ৪৫ হাজাৰ টকা পয্যন্ত দাবী কৰা বুলি অভিযোগ কৰিছে ভুক্তভোগী লোককেইজনে। উপৰিউক্ত ১২গৰাকী ব্যক্তিয়ে গোচৰৰ ভয়ত লক্ষাধিক টকা দুই দালাল হুচেইন আলী আৰু জেহিৰুলৰ জৰিয়তে আদায় দিয়ে। কিন্তু পৰৱৰ্তী সময়ত গোচৰৰ খা-খবৰ লওঁতে ৰাইজে জানিব পাৰে যে প্ৰকৃততে তেনে কোনো গোচৰ ৰুজু হোৱা নাই। তাৰ পিছত তেওঁলোকে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসক লিখিত অভিযোগ দিয়ে। প্ৰাৰম্ভিক তদন্তৰ অন্তত আজি হাবিলদাৰ জয়ন্ত কুমাৰ দাসক নিলম্বন কৰাৰ লগতে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like