নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ বর্ষশ্রেষ্ঠ মহিলা আৰক্ষী থানাৰ সন্মান পাণবজাৰ সমূহ মহিলা আৰক্ষী থানালৈ

নিয়মীয়া বাৰ্তা, ৮মাৰ্চ: অসমৰ একমাত্র মহিলা আৰক্ষী থানা পাণবজাৰ সমূহ মহিলা আৰক্ষী থানালৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা ২০২২ বর্ষৰ শ্রেষ্ঠ মহিলা আৰক্ষী থানাৰ সন্মান প্রদান কৰা হৈছে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে অলপতে এই সন্মান আনুষ্ঠানিকভাৱে থানাখনক প্রদান কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে দেশৰ বিভিন্ন আৰক্ষী থানাও শ্রেষ্ঠত্বৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷ বিভিন্ন প্রত্যাহ্বানৰ পাছতো পাণবজাৰ মহিলা আৰক্ষী থানাই পোৱা বিৰল এই সন্মানে উৎফুল্লিত কৰি তুলিছে বিশেষকৈ মহিলা আৰক্ষীসকলক৷

You might also like