নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকক ভাবুকি ভূ-মাফিয়াৰ : বকোত অবৈধ মাটি কটা ট্ৰেক্টৰৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ৰাজ্যত বন আইন বলবৎ হৈ থকাৰ পিছতো একাংশ অসাধু চক্ৰই চলাই গৈছে অবাধ গতিত ধ্বংস যজ্ঞ। চৌদিশে চলাই গৈছে আইন ভংগৰ কাৰ্য্য। এনে ঘটনাৰ পাকচক্ৰত কামৰূপ জিলাৰ বকোৰ বৰুৱা পথাৰত সংঘটিত হৈছে এক জঘন্য ঘটনা। অবৈধ ভাৱে মাটি খনন কৰাৰ বিপৰীতে বাতৰি সংগ্ৰহ কৰা সাংবাদিকক ফোন যোগে ভাবুকি প্ৰদান ভূ- মাফিয়াৰ। ৰাজ্যৰ বন বিভাগৰ বনজ সম্পদৰ লগতে বন আইন ভংগ কৰি কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱা বালিঝাৰৰ ভিন্ন প্ৰান্তত দিনে নিশাই চলিছে অবাধ গতিত মাটি খনন। ইফালে বনজ সম্পদ সুৰক্ষিত আইন আৰু বন আইন অনুসৰি চৰকাৰী মাটি খনন কৰা অপৰাধ। চৰকাৰে যিমানেই কঠোৰ অনুশাসন বলবৎ নকৰক কিয় একাংশ অসাধু লোকে চলাই আহিছে বনজ সম্পদৰ ওপৰত লুন্ঠন আৰু অবৈধভাৱে মাটি খনন। উল্লেখ্য যে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাত দিনে নিশাই মুকলি ভাৱে চলি আহিছে অজস্ৰ জে চি বিৰ দ্বাৰা মাটি খনন কাৰ্য্য। অবৈধ ভাৱে মাটি খননৰ বিপৰীতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ফোন যোগে ভাবুকি প্ৰদান কৰে মাটি খনন কাৰ্য্যৰ লগত জড়িত ভু-মাফিয়া চানিদুলে।প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত এনেকৈ ভাবুকি প্ৰদান কৰিবলৈ সাহস পালে চানিদুলে। ইপিনে টেক্টৰৰ দৌৰাত্মই গাওঁ অঞ্চলত সৃষ্টি কৰিছে আহুকাল। বিতুষ্ট হৈ পৰিছে জনজীৱন। অবৈধ ভাৱে মাটি খনন কৰি টেক্টৰেৰে সৰবৰাহ কৰাৰ ফলত চৌদিশে সৃষ্টি হৈছে ধুলি মাকটি। ৰাস্তা ঘাটৰ হৈছে বিস্তাৰ ক্ষতি। ধুৱলি কুৱলি হৈ পৰিছে চৌদিশ। মাটি কঢ়িওৱা টেক্টৰৰ চলাচলত বিশেষ ভাৱে ক্ষতি হৈছে যাতায়াতীৰ। ইফালে নীতি বহি:ভুত ভাৱে বন আইন ভংগ কৰি জে চি বি; এক্সকেভেটৰেৰে মাটি কাটি ক্ষতি সাধন কৰিছে গ্ৰাম্য অঞ্চলৰ পথ। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে তৎস্বত্তেও কাণষাৰ নাই বন বিভাগৰ। ইফালে চকু মুদা কুলিৰ ভাও ধৰিছে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াই। এই ক্ষেত্ৰত বিষয়টো গুৰুত্ব বুজি উৰ্ধতন কৰ্তৃপক্ষক নজৰ দিবলৈ আহ্বান জনাইছে সমাজ সচেতন ৰাইজে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like