ৰঙানদীৰ লগতে নাওবৈচা সমষ্টিটোও লাগে অগপক
লখিমপুৰৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত নতুন সমষ্টিটো হৈছে ৰঙানদী। ৰঙানদী সমষ্টিটোত ইতিমধ্যে অগপৰ কেন্দ্রীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে শক্তিশালী ৰূপত প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰূপে কাম কাজ চলাই আছে। মিত্রজোঁটে এইবাৰ সমষ্টিটো অগপক এৰি দিব বুলি দলীয় কৰ্মী সকলো আশাবাদী।
পিছে ৰঙানদীৰ গাতে লাগি থকা আৰু বৰ্তমান কংগ্রেছৰ দখলত থকা নাওবৈচা সমষ্টিটোও অগপই দাবী কৰিছে। সমষ্টিটোত অগপৰ স্থিতি, জনগাঁঠনি, ভোটাৰৰ ধৰণ আদি সকলো উল্লেখ কৰি অগপ কৰ্মীয়ে মিত্রজোঁটে সমষ্টিটো অগপক এৰি দিবলৈ দাবী জনাইছে।
আজি লখিমপুৰ প্ৰেছ ক্লাবত অগপৰ নাওবৈচা বিধানসভা সমষ্টি সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰি এই দাবী উত্থাপন কৰে। হৰেন খাউণ্ড, ড০ ৰমানন্দ দাস, গকুল দত্ত, সুজিত হাজৰিকা, বিনোদ দাস, সত্যজিৎ দত্ত, জয়ন্ত বৰা, দেৱলতা শইকীয়া আদি বিভিন্ন বিষয়ববীয়াই সংবাদ মেলত সমষ্টিটো অগপক এৰি দিয়াৰ আহ্বান জনোৱাৰ লগতে প্ৰাৰ্থী ৰূপে ড০ ৰমানন্দ দাসৰ নামটো উল্লেখ কৰে।
তেওঁলোকে কয় ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টিৰ পুননির্ধাৰণ কৰি লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ কিছুমান এলেকা সামৰি ৭৫নং নাওবৈচা বিধানসভা সমষ্টি নামেৰে নতুনকৈ গঠন কৰি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিছে।
পূৰ্বৰ ১১১নং লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত থকা তেলাহী মৌজাৰ আঠটা পঞ্চায়ত, পূৰ্বৰ নাওবৈচা সমষ্টিৰ ছয়টা পঞ্চায়ত, পূৰ্বৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ এটা পঞ্চায়ত আৰু পূৰ্বৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ এটা পঞ্চায়তক লৈ মুঠ ১৬খন পঞ্চায়তৰ দ্বাৰা ৭৫নং নাওবৈচা বিধানসভা সমষ্টি নামেৰে নাওবৈচা সমষ্টি পুনৰ গঠন কৰা হয়।
পূৰ্ব্বৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে বর্তমান পুনৰ গঠিত হোৱা ৭৫নং নাওবৈচা বিধানসভা সমষ্টিটোত অগপ দলৰ সাংগাঠনিক ভেটি শক্তিশালী তথা ঘাই শিপা থকা এটা সমষ্টি। বর্তমানে এই সমষ্টিৰ অন্তৰ্গত থকা তেলাহী মৌজাৰ আঠখন পঞ্চায়তৰ জনসাধাৰণৰ গৰিষ্ঠ সংখ্যক ভোট লাভ কৰি পাঁচবাৰকৈ উৎপল দত্ত বিধায়ক হিচাপে নির্বাচিত হৈছিল।
সেইদৰে পূৰ্বৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত থকা সোৱনশিৰি পঞ্চায়ত আৰু পূৰ্বৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বাহগড়া ধুনাগুৰি পঞ্চায়তৰ পৰা গৰিষ্ঠ সংখ্যক ভোট লাভ কৰি পূৰ্বৰ অগপ দলৰ বিধায়কসকল নির্বাচিত হৈছিল আৰু এতিয়াও এই সমষ্টিত লাখৰ ঘৰত আঞ্চলিকতাবাদৰ প্ৰতি অত্যন্ত আনুগত্য থকা বৃহৎ সংখ্যক লোক আছে। মুঠ ১,৭২,৮০৩জন ভোটাৰ থকা এই সমষ্টিত ২১৫টা ভোট কেন্দ্র আছে।
সেয়ে অগপৰ শক্তিশালী স্থিতি থকা সমষ্টিটো অগপক এৰি দিব লাগে। আনহাতে জন সম্পৰ্ক থকা অগপৰ অনুসূচিত জাতি পৰিষদৰ কেন্দ্রীয় সভাপতি ড০ ৰমানন্দ দাসক দলীয় প্ৰাৰ্থিত্ব দিব লাগে। সেয়ে হলে সমষ্টিটো অগপই সহজেই দখল কৰিব পাৰিব। সংবাদ মেলখনৰ জৰিয়তে অগপ কৰ্মী সকলে এনেদৰে দলীয় নেতৃত্বক আহ্বান জনায়।
উল্লেখ্য কিছু দিনৰ পূৰ্বে লখিমপুৰত বিভিন্ন কাৰ্য্য সূচীত অংশগ্রহণ কৰাৰ সময়ত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙানদী আৰু নাওবৈচাত বিজেপিয়েই নিৰ্বাচন খেলিব বুলি প্ৰকাশ কৰিছিল। কেৱল খেলাই নহয়। খুউব ভালকৈ খেলিব বুলি কৈছিল।
মুখ্যমন্ত্রীগৰাকীৰ এই বক্তব্যই সমষ্টি দুটাত বিজেপি যে অগপক এৰি নিদিয়ে সেই কথা স্পষ্ট হৈ পৰে। বিপৰীতে কিন্তু ৰঙানদীত অগপৰ জয়ন্ত খাউণ্ডে শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰস্তুতি কৰি থকাৰ উপৰি শেহতীয়াকৈ অগপ কৰ্মীয়ে নাওবৈচা সমষ্টিটোও দাবী কৰিছে। এনে প্ৰেক্ষাপটত মিত্রজোঁটে কেনেদৰে আসন বুজাবুজি কৰি দলীয় কৰ্মীক সন্তুষ্টি দিব পাৰে সেইয়া লক্ষ্যণীয় হব।
বিশেষ বাৰ্তা, লখিমপুৰ, ২৬ ফেব্ৰুৱাৰী