ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ভাৰতক শক্তিশালী কৰিলে দক্ষিণ আফ্ৰিকাই
দক্ষিণ আফ্ৰিকাই আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজক ৯ উইকেটত পৰাস্ত কৰি গ্ৰুপ এ’ৰ পৰা ছেমিফাইনেললৈ নিজৰ বাট প্ৰশস্ত কৰিলে। আফ্ৰিকান দলৰ এই জয়েৰে ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া মেচখন গুৰুত্বপূৰ্ণ কৰি তুলিছে। ভাৰত-ৱেষ্ট ইণ্ডিজৰ মেচৰ বিজয়ী দলৰ দ্বাৰাই নিৰ্ধাৰিত হ’ব ছেমিফাইনেললৈ যোৱা দ্বিতীয় দল কোন। যদি ভাৰতে চলি থকা মেচত জিম্বাবোৱেক পৰাস্ত কৰে, তেন্তে প্ৰটিয়াজ বাহিনীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিব।
ৱেষ্ট ইণ্ডিজৰ পৰা ১৭৭ৰ লক্ষ্য পূৰণৰ বাবে অৱতীৰ্ণ দক্ষিণ আফ্ৰিকাই কুইন্টন ডি কক আৰু এইডেন মাৰ্কৰামৰ যুটিয়ে অসাধাৰণ আৰম্ভণি দিছে। দুয়োৱে পাৱাৰ প্লেত ৬৯ ৰান কৰি মেচৰ দৃশ্য প্ৰায় স্পষ্ট কৰি দিছিল। প্ৰথম উইকেটৰ বাবে দুয়োৰ মাজত ৯৫ ৰানৰ পাৰ্টনাৰশ্বিপ হয়। দক্ষিণ আফ্ৰিকাৰ জয়ৰ নায়ক হিচাপে মাৰ্কৰামে ৪৬ বলত ৭ চাৰি আৰু ৪ ছিক্সাৰৰ সৈতে ৮২ ৰানৰ অপৰাজিত থাকে।
তাৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৭৬ ৰান কৰিছিল। ৱেষ্ট ইণ্ডিজৰ আৰম্ভনি অলপ কঠিন হৈছিল আৰু ৮৩ ৰানত ৭ উইকেট হেৰুৱাইছিল। কিন্তু তাৰ পাছত ৰোমাৰিঅ’ ছেফাৰ্ড আৰু জেছন হ’ল্ডাৰৰ মাজত অষ্টম উইকেটৰ বাবে ৫৭ বলত ৮৯ ৰানৰ পাৰ্টনাৰশ্বিপে দলটোক সন্মানীয় স্কৰ কৰাত সহায় কৰে।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হোৱা ছুপাৰ-৮ ষ্টেজৰ এখন মেচত দক্ষিণ আফ্ৰিকাই ৯ উইকেটত জয় লাভ কৰে। মেচত দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে ১৭৭ ৰানৰ লক্ষ্য পাইছিল, যিটো দক্ষিণ আফ্ৰিকাই ১৬.১ অভাৰত পূৰণ কৰে।