নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত আলফাৰ লিংকমেন আটক

বিশেষ বাৰ্তা, চৰাইদেউ, সোণাৰি, ৫ জুলাই : চৰাইদেউ আৰক্ষীয়ে জিলাখনৰ মথুৰাপুৰত অভিযান চলাই আজি আলফাৰ (স্বাঃ) দুটা লিংকমেনক আটক কৰে । আটকাধীন লিংকমেন দুটা মথুৰাপুৰ থানাৰ অন্তৰ্গত উদয়পুৰৰ অজু পাণিকা আৰু চাফ্ৰাই মোহন গাঁৱৰ ধুনু মুড়া ৷ উল্লেখ্য যে দুয়োটা লিংকমেনে দীৰ্ঘদিনৰ পৰা আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি ধন সংগ্ৰহকে ধৰি সাংগঠনিক কাম-কাজত জড়িত হৈ আছিল। বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে মথুৰাপুৰ আৰক্ষীৰ সহযোগত আজি মথুৰাপুৰ থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী উদয়পুৰৰ পৰা লিংকমেন দুটাক আটক কৰে । আটকাধীন লিংকমেন দুটাক সম্প্ৰতি সোণাৰি সদৰ থানাত আৰক্ষীয়ে নিজৰ জিন্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বা) আৰু এন এছ চি এনৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰা আৰু ধন যোগান ধৰাৰ অভিযোগত বিগত এটা পষেকতে চৰাইদেউ জিলাত আৰক্ষীয়ে বাগিচাৰ পৰিচালকসহ এক ডজনৰো অধিক লোকক আটক কৰিছে ।
You might also like