নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি উঃমাঃৰ উচ্চ বৰ্গৰ সহায়ক দীপক বৈশ্যক বিদায় সম্বৰ্ধনা

শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক দীপক বৈশ্যক আজি শুৱালকুছি কোষাগাৰ কৰ্মচাৰী সকলে বিদায় সম্বৰ্ধনা জনায়৷ অৱসৰী কৰ্মচাৰী গৰাকীৰ গৃহত আজি দুপৰীয়া উপস্থিত হৈ শুৱালকুছি কোষাগাৰ কৰ্মচাৰী সকলৰ হৈ কোষাগাৰ বিষয়া মুৰশ্বীদ আলি চৌধুৰী, অৱসৰী হিচাৱ ৰক্ষক পবিত্ৰ পেদ গোস্বামী, চণ্ডী ডেকা, হিচাৱ ৰক্ষক সঞ্জয় ডেকা, জেএএ নীহাল বৈশ্য,এচএএ উৎপল ভৰালী, জেএ বিভাস ডেৱান,পিয়ন প্ৰশান্ত ডেকা, এচ এ হৰেন কলিতা আৰু সিদ্ধাৰ্থ দাসে এখন ফুলাম গামোচা আৰু এটা পিতলৰ জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে তেওঁলোকে এখন বিদ্যালয়ৰ কৰ্মচাৰী হৈয়ো শুৱালকুছি কোষাগাৰ কৰ্মচাৰী সকলক প্ৰতিটো মূহুৰ্ত্ততে কৰা সহযোগৰ কথা উল্লেখ কৰে ৷ অনাগত দিনতো দীপক বৈশ্যৰ পৰা পূৰ্ণ সহযোগ পোৱাৰ আশা প্ৰকাশ কৰে ৷

অবসৰী কৰ্মচাৰী দীপক বৈশ্যইয়ো তেওঁৰ কৰ্মময় জীৱনৰ কিছু কথা ব্যক্ত কৰি এক আবেগিক হৈ পৰে ৷ উল্লেখ্য যে ১৯৯২ চনৰ ২০ জুনত শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিম্নবৰ্গৰ সহায়ক হিচাৱে চাকৰিত যোগদান কৰা দীপক বৈশ্যই ২০১১ চনত একেখন বিদ্যালয়তে উচ্চবৰ্গৰ সহায়ক হিচাৱে পদোন্নতি লাভ কৰে আৰু ২০২৫ চনৰ ৩০ জুনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷

বিশেষ বাৰ্তা, শুৱালকুছি : Date of Published, 5 July

You might also like