নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰতাক নেওচি উচ্চতৰ মাধ্যমিকত উজলিল ফুলবাৰীৰ অমৰ

নিয়মীয়া বাৰ্তা, ৯ মে’ : অৱশেষত আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । শোণিতপুৰৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাৰ দৰিদ্ৰ ঘৰৰ  এজন পিতৃহীনা ছাত্ৰই উক্ত পৰীক্ষাত ৬টাকৈ বিষয়ত লেটাৰসহ সৰ্বমুঠ ৪৫৩ নম্বৰ লাভ কৰি সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । ফুলবাৰী বেংবাৰীৰ  বাসিন্দা প্ৰয়াত লক্ষেশ্বৰ তাঁতী আৰু পদ্মেশ্বৰী তাঁতীৰ সুযোগ্য সন্তান তথা দৰং মহাবিদ্যালয়ৰ ছাত্ৰ অমৰ তাঁতীয়ে ইংৰাজীত ৮৫, বিকল্প ইংৰাজীত ৮৪, অৰ্থনীতি বিজ্ঞানত ৯৬, ৰাজনীতি বিজ্ঞানত ৯৬, ভূগোলত ৯২ আৰু ইতিহাসত ৯১ নম্বৰেৰে সৰ্বমুঠ ৪৫৩ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে । ছাত্ৰজনৰ মাতৃ পদ্মেশ্বৰী তাঁতী ফুলবাৰী চাহ বাগিচাত দৈনিক মজুৰি কৰ্মচাৰী হিচাপে কৰ্মৰত । চাহ বাগিচাত কৰ্ম কৰি লাভ কৰা সামান্য ধনেৰে পুত্ৰৰ পঢ়াৰ খৰচ উলিয়াইছিল । আনহাতে, আজি ফলাফলৰ খবৰ লাভ কৰাৰ লগে লগে ফুলবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপালী বাৰিকে ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰজনক গামোচাৰে সম্বৰ্ধনা জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে । একেদৰে অঞ্চলটোৰ সমাজকৰ্মী স্বাধীন বাৰিকেও ছাত্ৰজনক সম্বৰ্ধনা জনায় । উল্লেখ্য যে এই ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত  ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ছাত্ৰজনক পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় কৰিছিল ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like