অসমৰ কুটিৰ শিল্পৰ জৰিয়তে জগত জিনিছে এগৰাকী অসমীয়াই। এইগৰাকী অসমীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিত বাঁহ শিল্পৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিছে। বাঁহ শিল্পক আধুনিক প্ৰযুক্তিৰ বিভিন্ন সংযোজন ঘটাই নিৰ্মাণ কৰা সামগ্ৰীৰে দেশ-বিদেশত সমাদৃত হৈ অসমবাসীক গৌৰৱান্বিত কৰা ব্যক্তিজন হৈছে যোৰহাটৰ ঢেকৰগঢ়া কমাৰ গাঁৱৰ প্ৰভাত শইকীয়া।
কুটিৰ শিল্পৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী প্ৰভাত শইকীয়াই অসমৰ বাঁহ-বেতক লৈ দেখা সপোন সাকাৰ কৰিবৰ বাবে মেচাৰ্চ শইকীয়া ক্ৰাফট ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি ব্যক্তিগতভাৱে বাঁহৰ সামগ্ৰী তৈয়াৰ কৰে। সুনিপুণ শিল্পীগৰাকীয়ে বাঁহৰ জৰিয়তে বিছনা, ডিভান, ডাইনিং, চোফা আদিকে ধৰি বিভিন্ন অলংকাৰ, বাদ্যযন্ত্ৰ জাইল’ ফ’ন, বাঁহী, গগনা নিৰ্মাণ কৰি ৰাইজৰ পৰা বিপুল সমাদৰ লাভ কৰিছিল। ইয়াৰ পিছত আৰু তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। তেওঁ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে বহিঃৰাজ্যত বাঁহেৰে বিভিন্ন কাৰ্যালয় আৰু ৰিজৰ্ট আটকধুনীয়াকৈ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
নিজৰ সাধনা আৰু প্ৰচেষ্টাৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠা প্ৰভাত শইকীয়াই কৰি অহা কৰ্মৰাজিৰ বাবেই ২০০৮ চনত মণিপুৰ কে পি এল কো ছ’চাইটিৰ গান্ধী শিল্প বঁটা, ২০১৬ চনত অন্ধ্ৰপ্ৰদেশৰ বালাকাদি সেৱা ট্ৰাষ্টৰ বঁটা, ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভাৰ জীৱনজোৰা শিল্পী সাধনা বঁটা, ২০২১ চনত মুখ্যমন্ত্ৰীৰ বিশেষ শিল্পী সাহায্য, চলিত বৰ্ষত ২৫ ডিচেম্বৰত সেৱাৰ কৰ্মসংস্কৃতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে নেপাল, ভূটান, থাইলেণ্ড, ম্যানমাৰ,
চলিত বৰ্ষত এইগৰাকী প্ৰভাত শইকীয়াই এপ্ৰিল মাহৰ পৰা জুনলৈকে চীন, নেদাৰলেণ্ড আৰু নেপালৰ উদ্যোগত নেপালত অনুষ্ঠিত হোৱা বেম্ব’ মিছনৰ অধীনত এক আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
বিশ্বৰ দেশ-বিদেশত বাঁহশিল্পই অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে যদিও অসমত বাঁহকেন্দ্ৰিক কোনো উদ্যোগ নাই । অসমত উভৈনদী এই বাঁহক লৈ তেওঁ কৰা প্ৰয়াসৰ প্ৰকৃত সন্মান লাভ নকৰি তেওঁ কেতিয়াবা হতাশাত ভোগে বুলিও জানিবলৈ দিয়ে।