🔹 বৰভাগত ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম
নিয়মীয়া বাৰ্তা, বৰভাগ, ১১ জুলাই : নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত তৰমথা গাঁৱৰ পশ্চিম চুবুৰিত এটা পকীপথ নিৰ্মাণক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ কামৰ নমুনা দেখি ক্ষোভিত ৰাইজে বন্ধ কৰি দিয়ে নিৰ্মীয়মাণ পথছোৱাৰ কাম । আৰিকুছি-পূবকালাকুছি পথ সংযোগী তৰমথা গাঁৱৰ পশ্চিম চুবুৰিৰ মাজেৰে মিৰহুছেইন আলীৰ ঘৰলৈ ৭০০ মিটাৰ নিৰ্মীয়মাণ পথছোৱাৰ পকীকৰণৰ কাম চলি আছিল। ঠিকাদাৰে অনিয়মেৰে প্ৰাককলন অনুসৰি কামটো নকৰাৰ অভিযোগ উত্থাপন হৈছে । মাত্ৰ ৭০০ মিটাৰ পথছোৱা নিৰ্মাণৰ নামত আবণ্টিত প্ৰায় ৪৮ লাখ টকাৰ সিংহভাগ গো-গ্ৰাসে হজম কৰাৰ অভিপ্ৰায় কৰা বুলিও স্থানীয় ৰাইজে প্ৰকাশ কৰিছে । মোস্তাফা আলী নামৰ ঠিকাদাৰজনৰ কামৰ নমুনা দেখি ৰাইজে ক্ষোভ উজাৰি বন্ধ কৰে পথছোৱাৰ কাম। লোকনিৰ্মাণ বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনৰ নিৰ্মীয়মাণ পথছোৱাত এক ইঞ্চিও কাৰ্পেটিং নকৰি ৰাস্তাটোৰ আধাঅংশ কাম সম্পূৰ্ণ কৰাত ৰাইজ খৰ্গহস্ত হৈ পৰে । ফলত ৰাইজে বন্ধ কৰে পথছোৱাৰ কাম । উল্লেখ্য যে পথছোৱা নিৰ্মাণৰ নামত খৰচ ধৰা হৈছে ৪৪ লাখ ৩৭ হাজাৰ আৰু মেৰামতিৰ নামত ৩ লাখ ১৭ হাজাৰ টকা। ঠিকাদাৰগৰাকীৰ মইমতালিত পথছোৱাত শিল ছটিয়াই আধা ইঞ্চি কাৰ্পেটিঙেৰে কাম সম্পন্ন কৰিবলৈ ওলোৱাত ৰাইজ ক্ষুণ্ণ হৈ পৰে ।