নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত বৰদুৱাৰ বাগানৰ জুপাংবাৰীৰ বিন্দু ৰাভা

নিয়মীয়া বাৰ্তা, ২৪ মে’ : কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ বৰদুৱাৰ বাগানৰ জুপাংবাৰীৰ বিন্দু ৰাভা (৩০) জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বিশেষকৈ দুয়োটা বৃক্ক বিকল হৈ পৰা ৰাভাক বৰ্তমান সপ্তাহত দুটাকৈ ডায়েলাইচিচ কৰিব লগা হোৱাত পৰিয়ালটো বাৰুকৈয়ে বিমোৰত পৰিছে। উল্লেখ্য যে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ এলেকাধীন অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোৰ সমাজকৰ্মী নিত্যানন্দ ৰাভাৰ যুৱ পুত্ৰ বিন্দু ৰাভাৰ পত্নী তথা এটি পাঁচ বছৰীয়া সন্তানো আছে৷ জানিব পৰামতে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসা অব্যাহত ৰাখিছে৷ বিশেষকৈ দীৰ্ঘদিনীয়া চিকিৎসাৰ পৰিপ্ৰেক্ষিতত ঘৰৰ সা-সম্পত্তি বেচি পৰিয়ালটো ইতিমধ্যে সৰ্বস্বান্ত হৈ পৰিছে৷ একমাত্ৰ কৃষিকৰ্মৰ ওপৰতে নিৰ্ভৰশীল অসহায় হৈ পৰা পৰিয়ালটোৱে দীৰ্ঘদিনৰ পৰা ধাৰ ঋণ লৈ, সা-সম্পত্তি বেচি এনেদৰে ব্যয়বহুল চিকিৎসা চলাই আহিবলগীয়া হোৱাত পানীত হাঁহ নচৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশেষত জীৱনটো ঘূৰাই পোৱাৰ হেতু চিকিৎসাৰ বাবে স্থানীয় যুৱকসকলে ৰাইজৰ সহায় বিচাৰি অঞ্চলটোত বিভিন্ন জনৰ ওচৰ চাপিছে৷ ইয়াৰ সমান্তৰালভাৱে অসহায় হৈ পৰা যুৱকজনৰ পিতৃ মাতৃৰ লগতে তেওঁৰ পত্নীয়ে সহৃদয় ৰাইজৰ পৰা সহায় বিচাৰিছে। এইক্ষেত্ৰত কোনো সদাশয় সুহৃদয় ব্যক্তিয়ে সহায় কৰিব খুজিলে বিন্দু ৰাভাৰ HDFC-0000264 একাউণ্ট নম্বৰ- 50100506745288 সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে।

প্ৰেৰক নুৰুল ইছলাম

You might also like