নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৫০ শতাংশৰ শৰীৰত এণ্টি ব’ডী

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ অব্যাহত থকাৰ সময়তে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই চি এম আৰ) সম্পন্ন কৰিছে এণ্টি ব’ডীৰ সমীক্ষা৷ এই সমীক্ষা অনুসৰি অসমৰ ৫০ শতাংশ লোকৰ শৰীৰত পোৱা গৈছে ক’ভিড এণ্টি ব’ডী৷ অর্থাৎ ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশৰ শৰীৰত গঢ় লৈ উঠিছে ক’ভিড প্রতিৰোধী ক্ষমতা৷

প্রাপ্ত তথ্য অনুসৰি মুঠ তিনিখন জিলৰ পৰা নমুনা সংগ্রহ কৰিছিল আই চি এম আৰে৷ কামৰূপ মহানগৰ, ওদালগুৰি আৰু কার্বি আংলং জিলাৰ পৰা আই চি এম আৰে নমুনা সংগ্রহ কৰি সমীক্ষা সম্পন্ন কৰিছিল৷ সমীক্ষাৰ ফলাফল অনুসৰি কামৰূপ মহানগৰ জিলাত ৩৯৯জন সাধাৰণ লোক আৰু ১০১জন স্বাস্থ্যকর্মীৰ নমুনা সংগ্রহ কৰা হৈছিল৷ ইয়াৰ ভিতৰত ক্রমে ২১১ আৰু ৭৯জন লোকৰ শৰীৰত পোৱা গৈছিল এণ্টি ব’ডী৷

সেইদৰে ওদালগুৰিত ৪০১জন সাধাৰণ লোক আৰু ১০০জন স্বাস্থ্যকর্মীৰ নমুনা সংগ্রহ কৰা হৈছিল৷ ইয়াৰ ভিতৰত ক্রমে ১৯৯ আৰু ৮০জন লোকৰ শৰীৰত পোৱা গৈছিল ক’ভিড প্রতিৰোধ ক্ষমতা৷ সেইদৰে কার্বি আংলঙত ৪০৩জন সাধাৰণ লোক আৰু ১০০জন স্বাস্থ্যকর্মীৰ নমুনা সংগ্রহ কৰা হৈছিল৷ ইয়াৰে ক্রমে ১৬২জন আৰু ৬৬জনৰ শৰীৰত ক’ভিড এণ্টি ব’ডী গঢ় লৈ উঠিছে৷ শতকৰা হিচাপত কামৰূপ মহানগৰ জিলাত সর্বাধিক ৫৩ শতাংশ লোকৰ শৰীৰতে গঢ় লৈ উঠিছে ক’ভিড প্রতিৰোধী ক্ষমতা৷ অর্থাৎ মহানগৰীখনৰ ৫০ শতাংশতকৈও অধিক লোক কিছু পৰিমাণে হ’লেও ক’ভিডৰ পৰা সুৰক্ষিত৷

উল্লেখ্য যে এই সমীক্ষাৰ তথ্য অনুসৰি মধ্যপ্রদেশত সর্বাধিক ৭৭ শতাংশ লোকৰ শৰীৰত গঢ় লৈ উঠিছে ক’ভিড প্রতিৰোধ ক্ষমতা৷ ইফালে শীঘ্রে কয়দীসকলক ভেকচিন প্রদান প্রক্রিয়া সম্পন্ন কৰিবলৈ কাৰাগাৰসমূহৰ মহাপৰিদর্শকক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি এই নির্দেশনা দিছে ন্যায়ালয়ে৷

ইফালে আদালতত চৰকাৰী পক্ষই অৱগত কৰা অনুসৰি ৰাজ্যৰ মুঠ ১১,১৬৪জন কয়দীৰ ভিতৰত মুঠ ১০,২৬৩জন কয়দীক অতি কমেও এপালি ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ২১৮জনক সম্পূর্ণৰূপে ভেকচিন প্রদান কৰা হৈছে৷ এতিয়াও ৯০০ কয়দীক ভেকচিন দিয়া হোৱা নাই৷ অৱশ্যে স্বাস্থ্য বিভাগৰ নির্দেশনা অনুসৰি ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা কয়দীকহে সম্প্রতি ভেকচিন প্রদান কৰা নাই কাৰাগাৰ কর্তৃপক্ষই৷

বৃহস্পতিবাৰে ৰাজ্যত আক্রান্ত ১,২৯৯: মৃত ২০

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বৃহস্পতিবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,২৯৯জন লোক৷ ইয়াৰে ১৮৪জন কামৰূপ মহানগৰ জিলাৰ৷ বৃহস্পতিবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ২০জন লোকে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,২৮,৬৮৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.০১ শতাংশ৷ আনহাতে, সুস্থতাৰ হাৰ হৈছে ৯৬.৫৭ শতাংশ৷

You might also like