নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰাম ভৱনত লাচিত সেনাৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত কৰা বর্বৰ আক্রমণৰ ঘটনাৰ প্রতিবাদত বৃহস্পতিবাৰে মহানগৰীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই৷ গুৱাহাটীস্থিত মিজোৰাম ভৱনৰ সন্মুখত গামোচা উৰুৱাই প্রতিবাদ সাব্যস্ত কৰে লাচিত সেনাই৷ দিনৰ প্রায় ১১ বজাত লাচিত সেনাৰ সদস্যসকলে হাতে হাতে গামোচা লৈ মিজোৰাম ভৱন ঘেৰাও কৰাৰ লগতে মিজো আৰক্ষী হুচিয়াৰ, সীমা সমস্যা সমাধান কৰক আদি শ্লোগানেৰে অঞ্চলটোৰ অকাশ–বতাহ কঁপাই তোলে৷ লাচিত সেনাৰ সদস্যসকলে মিজোৰাম ভৱনত প্রৱেশ কৰি দখল কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে তেওঁলোকক বাধা প্রদান কৰে৷

মিজোৰাম ভৱনৰ সন্মুখত বেৰিকেড স্থাপন কৰি প্রতিবাদকাৰীসকলক্ বাধা প্রদান কৰে৷ অৱশ্যে বহু সময় ধৰি আৰক্ষীৰ বেহু ফালি লাচিত সেনাৰ সদস্যসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাই মূল সমস্যা চিনাক্তকৰণৰ জৰিয়তে এই সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়৷ এই প্রসংগতে তেওঁ কয়– ‘আন্তঃৰাজ্যিক সীমান্তসমূহৰ আটাইৰে ধৰণ–কৰণ, আকৃতি সুকীয়া সুকীয়া৷ অসম–নাগালেণ্ড সীমান্তৰ গোলাঘাট অঞ্চলৰ সমস্যা আৰু বৰাক উপত্যকাৰ জিলাকেইখনৰ সীমা সমস্যা সম্পূর্ণ পৃথক৷ ক’ৰবাত যদি খিলঞ্জীয়াৰ আধিপত্য সীমান্তৰ সিপাৰে থকা প্রতিৱেশী ৰাজ্যৰ আগ্রাসনে নষ্ট কৰিব বিচাৰিছে, আন ক’ৰবাত সন্দেহজনক নাগৰিকৰ উপস্থিতিয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ আচলতে মূল সমস্যা চিনাক্ত নকৰাকৈ ৰাজনৈতিক দলসমূহে সীমা সমস্যাটো জীয়াই ৰাখিছে৷ ৰোগৰ কাৰণ চিনাক্ত নকৰাকৈ চিকিৎসা কৰিলে স্থায়ীভাৱে ৰোগীক সুস্থ কৰিব নোৱাৰাৰ দৰে মূল সমস্যা চিনাক্তকৰণ নহ’লে সীমা সমস্যা কেতিয়াও সমাধান নহ’ব৷’

ইফালে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে কয় যে অসমীয়া আৰু মিজোৰ সংঘাত হোৱাটো তেওঁলোকে নিবিচাৰে যদিও ৬জনকৈ অসম আৰক্ষী শ্বহীদ হোৱা জোৱানৰ পৰিয়ালে ন্যায় পাব লাগিব৷ মিজোৰামৰ মুখ্যমন্ত্রীয়ে অপৰাধীৰ পক্ষ ল’লে৷ সেয়েহে আমি মিজোৰাম ভৱন দখল কৰিবলৈ আহিছোঁ৷ বৃহস্পতিবাৰৰ কার্যসূচীত অসম আৰক্ষীক আক্রমণ কৰা অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিয়া মিজোৰামৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধেহে৷

ইফালে বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব নৱদীপ বৰাই কয় যে ৬জনকৈ আৰক্ষীৰ আত্মবলিদানক অসম চৰকাৰে সন্মান কৰা উচিত আৰু মিজো দুর্বৃত্তসকলক শাস্তি প্রদান কৰিব লাগিব৷

আনহাতে, লাইলাপুৰৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰি চি পি আই (এম)–এ বৃহস্পতিবাৰে গুৱাহাটীত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ এই কার্যসূচীৰ জৰিয়তে বাঁওপন্থী দলটোৱে অসম–মিজোৰামৰ দীর্ঘদিনীয়া সীমা সমস্যাৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰক জগৰীয়া কৰাৰ লগতে শীঘ্রে দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ শীঘ্রে শান্তিপূর্ণ স্থায়ী সমাধান কৰিবলৈ দাবী উত্থাপন কৰে৷ এক বিবৃতিত দলটোৰ সম্পাদক দেৱেন ভট্টাচার্যই কয় যে কেন্দ্রীয় গৃহমন্ত্রীৰ উত্তৰ–পূর্বাঞ্চল ভ্রমণৰ এদিন পাছতে দুখন প্রতিৱেশী ৰাজ্যৰ সীমা সংঘর্ষত আৰক্ষীৰ লোক মৃত্যু হোৱা ঘটনা চিন্তনীয় বিষয়৷ এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে বাঁওপন্থী দলটোৱে সমগ্র ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে৷ বৃহস্পতিবাৰৰ প্রতিবাদী কার্যসূচীত প্রবীণ বাঁওপন্থী নেতা হেমেন দাস, জ্যেষ্ঠ চি পি আই (এম) উদ্ধৱ বর্মনকে ধৰি বহুসংখ্যক নেতা আৰু সদস্য উপস্থিত থাকে৷ একে সময়তে আলাপ–আলোচনাৰ মাজেৰে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছে চি পি আইৰ অসম ৰাজ্য পৰিষদে৷ এক বিবৃতিত ৰাজ্য পৰিষদৰ সম্পাদক মুনীন মহন্তই লাইলাপুৰত সংঘটিত ঘটনা ইতিহাসতেই নোহোৱা–নোপজা ঘটনা বুলি উল্লেখ কৰি এই সমগ্র ঘটনাৰ এক উচ্চ পর্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে৷

You might also like