নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ ত্রিপুৰাৰ খিলঞ্জীয়াৰ বিৰুদ্ধে মিজো জনজাতি

ব্রুৰৰ আক্রমণত কৰিমগঞ্জৰ পাথাৰকান্দিত আশ্রয় শ শ কস্কৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ অসম–মিজোৰাম সংঘাতৰ মাজতেই এইবাৰ ত্রিপুৰাৰ পৰা ব্রুৰৰ আক্রমণত ঘৰ–বাৰী এৰি পলায়ন কৰিবলগা হৈছে শ শ স্থানীয় কস্ক জনজাতীয় লোকে৷ মিজোৰামৰ পৰা ত্রিপুৰালৈ শৰণার্থী হৈ অহা ৰিয়াং তথা ব্রুৰৰ আক্রমণত ত্রিপুৰাৰ একাংশ কস্ক খিলঞ্জীয়া জনজাতি লোকে ঘৰ–বাৰী এৰি অসমত আশ্রয় লৈছে৷

জানিব পৰা মতে, যোৱা কিছুদিন ধৰি কস্ক জনজাতীয় লোকসকলৰ সৈতে ব্রুৰসকলৰ সংঘাতৰ সৃষ্টি হৈ আছিল৷ এনে সংঘাতৰ মাজতেই বৃহস্পতিবাৰে ত্রিপুৰাৰ দামছড়া এলেকাৰ খিলঞ্জীয়া কস্কসকলৰ ঘৰ জ্বলাই আক্রমণ কৰে ব্রুৰসকলে৷ অঞ্চলটোত হঠাতে আক্রমণ চলাই কেইবাজনো লোকক আঘাতপ্রাপ্ত কৰাৰ লগতে ঘৰ–বাৰী জ্বলাই ব্রুৰসকলে কস্কসকলক উক্ত স্থানৰ পৰা খেদি পঠিয়ায়৷ প্রাণৰ ভয়ত ত্রিপুৰাৰ এই খিলঞ্জীয়া জনজাতিসকলে বৃহস্পতিবাৰে দিনৰ ভাগত কৰিমগঞ্জৰ পাথাৰকান্দিত আশ্রয় গ্রহণ কৰিছে৷ উল্লেখ্য যে অসম–ত্রিপুৰা আৰু মিজোৰামৰ ত্রিকোণীয়া সীমান্তত সংস্থাপিত হোৱা ব্রুৰসকলে ১৯৯৬ত মিজোৰামৰ পৰা গোষ্ঠীসংঘর্ষৰ বলি হৈ ত্রিপুৰাত শৰণার্থী হিচাপে আশ্রয় লৈছিল৷ ভূমিহীন তথা গৃহহীন এই ব্রুৰসকলক পৰৱর্তী সময়ত ত্রিপুৰাৰ সীমান্তত সংস্থাপিত কৰা হৈছিল৷ সংস্থাপনৰ পাছতেই স্থানীয় কস্ক জনজাতীয়সকলৰ সৈতে সংঘাতত লিপ্ত হোৱা ব্রুৰসকলে সঘনে কস্ক জনজাতীয় গাঁৱত আতিশায্য চলাই আহিছিল৷

ইফালে, পাথাৰকান্দিলৈ পলাই অহা কস্ক শৰণার্থীসকলক বৃহস্পতিবাৰে স্থানীয় বিধায়ক কৃষ্ণেন্দু পালে মাণিক বন্দৰৰ এখন বিদ্যালয়ত শিবিৰ স্থাপন কৰি আশ্রয় দিয়ে৷ বিধায়কজনৰ তৎপৰতাত প্রশাসনে শৰণার্থীসকলক আহাৰ যোগান ধৰাৰ লগতে কিছু কাপোৰ–কানিৰো যোগান ধৰে৷ এনেদৰে আক্রমণৰ বলি হৈ পলাই অহা কস্কসকলৰ লগত আছে চৰই আৰু হালাম জনজাতি৷

সমগ্র ঘটনা সন্দর্ভত বিস্তৃত তথ্য সংগ্রহ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশতে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে শৰণার্থীসকলৰ খা–খবৰ লোৱাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰে৷

ইফালে, আন এক অভিযোগ অনুসৰি ত্রিপুৰাৰ ভূমি দখলৰ বাবে মিজোৰামে এইদৰে কস্কসকলক আক্রমণৰ উচটনি দিছে ব্রুৰসকলক৷ বিগত সময়ছোৱাত কস্ক, হালাম আৰু চৰই জনজাতিসকলক বিভিন্ন ধৰণে উৎপীড়ন চলাই আহিছে ব্রুৰ তথা ৰিয়াং শৰণার্থীসকলে৷ এইক্ষেত্রত ত্রিপুৰা চৰকাৰে কস্কসকলক নিৰাপত্তা প্রদানত সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ বৃহস্পতিবাৰে কৰিমগঞ্জৰ মাণিক বন্দৰৰ আশ্রয় শিবিৰত ত্রিপুৰা চৰকাৰৰ অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি, খণ্ড উন্নয়ন বিষয়া, অতিৰিক্ত আৰক্ষীসহ বিশাল প্রতিনিধি দল এটা উপস্থিত হৈ কস্কসকলৰ খা–খবৰ লোৱাৰ লগতে তেওঁলোকক সম্পূর্ণ নিৰাপত্তাৰ মাজেৰে ওভতাই লৈ যোৱা হ’ব বুলি কৰিমগঞ্জ জিলা প্রশাসনক জানিবলৈ দিয়ে৷

You might also like