নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ মার্চৰ পৰা দেশজুৰি জ্যেষ্ঠ নাগৰিকক টিকাকৰণ

অসমত ক’ভিড পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্রণাধীন

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  অসমত পুনৰ লকডাউন হ’ব পাৰে বুলি যোৱা তিনি দিন ধৰি ছ’চিয়েল মিডিয়াকে ধৰি সর্বসাধাৰণ ৰাইজৰ মাজত চলি থকা চর্চা পুনৰ অগ্রাহ্য কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷  গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীকে ধৰি অসমত ক’ভিড পৰিস্থিতি বর্তমান নিয়ন্ত্রণাধীন৷ অৱশ্যে জনসাধাৰণক মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলিবলৈ তেওঁ আহ্বান জনায়৷ ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বিষয়ে সদৰী কৰি কয় যে পৰহি গুৱাহাটীত সাতজন লোক ক’ভিডত আক্রান্ত হৈছে৷ কালি অসমত মাত্র সাতজনহে ক’ভিডত আক্রান্ত হয়৷ পৰহিৰ দিনটোত ৰাজ্যখনত ১২জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ কোনোবা দিনা ৰাজ্যখনত সর্বাধিক ২০জনৰ দেহত ক’ভিড ধৰা পৰিছে৷ বহু দিন ধৰি অসমত এটা দিনত ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ২০ৰ অধিক হোৱা নাই৷

শেহতীয়াকৈ গুৱাহাটীৰ ডনবস্ক’ত দুগৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ হাই প্রফাইল ব্যক্তি বাবেই প্রচাৰ মাধ্যমত তেওঁলোকৰ বিষয়ে প্রচাৰ হৈছে৷ কিন্তু যোৱা তিনিটা মাহত ৰাজ্যখনৰ চৰকাৰী শিক্ষানুষ্ঠানৰ বহু শিক্ষক আৰু ছাত্র–ছাত্রী ক’ভিডত আক্রান্ত হয়৷ তেওঁলোক যিদৰে আক্রান্ত হৈছে, সেইদৰে সুস্থ হৈও উঠিছে৷ সুস্থ হোৱাৰ পাছত তেওঁলোক পুনৰ শিক্ষানুষ্ঠানলৈ গৈছে৷ লকডাউন সম্পর্কত চলা চর্চাৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ৰাজ্যখনলৈ স্বাভাৱিক জীৱনযাত্রা ঘূৰি আহিছে৷ যোৱা বছৰৰ লকডাউনে অর্থনৈতিক কঁকাল ভাঙিলে৷ ল’ৰা–ছোৱালীৰ পঢ়া–শুনা নষ্ট হ’ল৷ সেয়ে এনেয়ে লকডাউনৰ নামত মানুহৰ মনত ভয়–শংকা সৃষ্টি কৰা উচিত নহয়৷ যদি সঁচাকৈয়ে তেনে পৰিৱেশ সৃষ্টি হয়, তেতিয়াহ’লে চৰকাৰে সংবাদ মেল পাতি সেই বিষয়ে জনাব৷ কিন্তু এই মুহূর্তত লকডাউন দিয়াৰ কোনো সম্ভাৱনা নাই৷ এই প্রসংগত তেওঁ বিৰোধীৰ ভূমিকাক সমালোচনা কৰি কয় যে ক’ভিডক লৈ তেওঁ ৰাইজৰ মাজত আতংক সৃষ্টি কৰিব লাগে নে নালাগে, সেই বিষয়ে বিৰোধীয়ে এবাৰ স্পষ্ট কৰি কৈ দিলেই হ’ল৷
১ মার্চৰ পৰা দ্বিতীয় পর্যায়ৰ ক’ৰোনা ভাইৰাছ টিকাকৰণ
১ মার্চৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পর্যায়ৰ ক’ৰোনা ভাইৰাছ টিকাকৰণ অভিযান৷ এই টিকাকৰণ অভিযানত জ্যেষ্ঠ নাগৰিক তথা ৬০ বছৰ ঊর্ধ্বৰ লোকৰ লগতে ৪৫ বছৰ ঊর্ধ্বৰ বহু ৰোগত আক্রান্ত লোকক প্রাধান্য দিয়া হ’ব৷ এই ঘোষণা কৰিছে কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রী প্রকাশ জাভাড়েকাৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ঘোষণা কৰা অনুসৰি ১০ হাজাৰ চৰকাৰী কেন্দ্রত দ্বিতীয় পর্যায়ৰ টিকাকৰণ সম্পূর্ণ বিনামূলীয়া হ’ব৷ আনহাতে, দেশজুৰি ২০ হাজাৰ ব্যক্তিগত খণ্ডৰ কেন্দ্রতো ক’ভিড–১৯ টিকাকৰণ কৰা হ’ব৷ ব্যক্তিগত খণ্ডৰ কেন্দ্রত টিকাকৰণ কৰিলে ভেকচিন লওঁতাই কিমান টকা মাচুল ভৰিব লাগিব, সেই কথা শীঘ্রেই ঘোষণা কৰা হ’ব বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সদৰী কৰিছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ব্যক্তিগত হাস্পতালত ক’ভিড–১৯ ভেকচিন লওঁতাই মাচুল ভৰিব লাগিব৷ কিমান পৰিমাণৰ মাচুল ভৰিব লাগিব, সেই সিদ্ধান্ত তিনি–চাৰি দিনৰ পাছত ঘোষণা কৰিব কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ স্বাস্থ্য মন্ত্রালয়ে ক’ভিড–১৯ ভেকচিন উৎপাদন কৰোঁতা আৰু ব্যক্তিগত হাস্পতালৰ সৈতে আলোচনামর্মে ভেকচিনৰ মাচুল নির্ধাৰণ কৰিব৷ দ্বিতীয় পর্যায়ৰ টিকাকৰণত প্রায় ২৭ কোটি লোকক সাঙুৰি লোৱা হ’ব৷ উল্লেখ্য যে প্রথম পর্যায়ৰ ক’ভিড–১৯ টিকাকৰণত স্বাস্থ্যকর্মী আৰু অগ্রণী কর্মীক সাঙুৰি প্রায় ৩ কোটিক টিকাকৰণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ আজি পুৱালৈকে প্রায় ১.২১ কোটি লোকক ভেকচিন প্রদান কৰা হৈছে৷ এষ্ট্রাজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিকশিত আৰু পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই উৎপাদন কৰা ক’ভিড–১৯ ভেকচিন ‘ক’ভিশ্বিল্ড’ আৰু হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ দ্বাৰা বিকশিত আৰু উৎপাদিত ক’ৰোনা ভেকচিন ‘ক’ভাক্সিন’ দেশজুৰি টিকাকৰণত ব্যৱহূত হৈ আছে৷

You might also like