নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদকঃ বেডমিণ্টনত ব্রঞ্জ জয় পি ভি সিন্ধুৰ

নিয়মীয়া বাৰ্তা, ২ আগষ্ট:  বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত ভাৰতীয় ক্রীড়াবিদৰ হতাশাজনক প্রদর্শনৰ মাজতে দেওবাৰে উজলি উঠে বেডমিণ্টন তাৰকা পি ভি সিন্ধু৷ মহিলাৰ ছিংগলছত তেওঁ দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

শনিবাৰে ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হোৱা শ্বাটলাৰগৰাকীয়ে দেওবাৰে ব্রঞ্জৰ পদকৰ যুঁজত চীনৰ হি বিং ঝিয়াওক ২১–১৩, ২১–১৫ৰ ব্যৱধানত পৰাস্ত কৰে৷ এই জয়েৰে ৰিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী সিন্ধুৱে টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক নিশ্চিত কৰিবলৈ সক্ষম হয়৷

ইফালে অলিম্পিকত একেৰাহে দুটা পদক জয় কৰা ভাৰতৰ দ্বিতীয়গৰাকী ক্রীড়াবিদ আৰু প্রথমগৰাকী মহিলা হিচাপে তেওঁ ইতিহাস ৰচিছে৷ ইয়াৰ পূর্বে দেশৰ তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰে একেৰাহে দুখন অলিম্পিকত পদক অর্জনেৰে ইতিহাস ৰচিছিল৷

ইফালে টকিঅ’ অলিম্পিকত ভাৰতীয় নাৰী শক্তিৰ জয়ধ্বজা উৰুওৱা শ্বাটলাৰ পি ভি সিন্ধুক শুভেচ্ছা জনাইছে নৰেন্দ্র মোদী আৰু ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ ‘দুখন অলিম্পিকত পদক জয় কৰা প্রথমগৰাকী ভাৰতীয় মহিলা হিচাপে অভিলেখ ৰচিছে পি ভি সিন্ধুৱে৷ তেওঁ উৎকৃষ্ট খেল আৰু সুদৃঢ় মনোবলেৰে ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁলৈ অজস্র শুভকামনা যাচিছোঁ৷’ –কোৱিন্দে এইদৰে কয়৷

ইফালে প্রধানমন্ত্রী মোদীয়ে সিন্ধুৰ প্রদর্শনক প্রশংসা কৰি কয় যে তেওঁ ভাৰতৰ আৰু অন্যতম সফল অলিম্পিয়ান৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰে সিন্ধুক শুভেচ্ছা জনাই কয় যে অলিম্পিকত দুবাৰৰ পদক বিজয়ী সিন্ধুক লৈ দেশবাসী গৌৰৱান্বিত ইফালে, অলিম্পিকৰ ব্যক্তিগত শাখাত পদক জয়ী ভাৰতৰ একমাত্র খেলুৱৈ অভিনৱ বিন্দ্রা, প্রাক্তন ক্রিকেটাৰ বীৰেন্দ্র সেহৱাগেও তাৰকা শ্বাটলাৰগৰাকীক অভিনন্দন জনাইছে৷

উল্লেখ্য যে আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত ঈর্ষণীয় প্রদর্শনেৰে পি ভি সিন্ধুৱে অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু বি ডব্লিউ এফ ৱর্ল্ড ট্যুৰ ফাইনেলছৰ দৰে বিশ্বৰ আগশাৰীৰ প্রতিখন প্রতিযোগিতাতে পদক জয়েৰে দেশলৈ সুনাম কঢ়িয়াই আনিছে৷ তেওঁৰ জৰিয়তে দেওবাৰে দেশবাসীয়ে দ্বিতীয়টো পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ সর্বশ্রেষ্ঠ খেলুৱৈৰ শ্রেষ্ঠত্ব অর্জনৰ যুঁজ অলিম্পিকৰ পৰা ভাৰোত্তোলক মীৰাবাঈ চানুৱে প্রথমটো পদক কঢ়িয়াই আনিছিল৷ অসম কন্যা লাভলীনা বৰগোহাঁয়েও টকিঅ’ অলিম্পিকৰ বক্সিঙৰ ছেমিফাইনেলত প্রৱেশ কৰি অতি কমেও ব্রঞ্জৰ পদক নিশ্চিত কৰি থৈছে৷

You might also like