নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APSCৰ দুর্নীতিৰ সদাগৰলৈ সাময়িক সকাহঃ জামিন লাভ কৰিলেও জে’লতে থাকিব লাগিব ৰাকেশ পাল

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ দুর্নীতি–নিয়মেৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ক কলংকিত কৰা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালে আদালতত লাভ কৰিছে সাময়িক সকাহ৷ তেওঁৰ বিৰুদ্ধে চিআইডিত ৰুজু হৈ থকা গোচৰত বৃহস্পতিবাৰে জামিন মঞ্জুৰ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে৷

অৱশ্যে জামিন মঞ্জুৰ হ’লেও জে’লতে থাকিব লাগিব দুর্নীতিৰ সদাগৰ ৰাকেশ পাল৷ এতিয়াও ভঙাগড় আৰক্ষী থানাৰ গোচৰত জামিন লাভ কৰা নাই এপিএছচিৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্তজন৷ সেয়েহে তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰিব মুকলি আকাশৰ তললৈ৷

ইপিনে, জামিন মঞ্জুৰ কৰিলেও আদালতে কেইবাটাও কঠোৰ চর্ত বান্ধি দিছে ৰাকেশ পালক৷ সেই অনুসৰি গোচৰটোৰ বিচাৰ প্রক্রিয়াৰ সময়ত নিয়মীয়াভাৱে আদালতত হাজিৰ হ’ব লাগিব পাল৷ তদুপৰি বিশেষ আদালতৰ অনুমতি অবিহনে তেওঁ কামৰূপ মহানগৰ জিলাৰ বাহিৰলৈ যাব নোৱাৰিব৷ একেদৰে ৰাকেশ পালে আদালতত জমা দিব লাগিব তেওঁৰ পাছপ’ট৷

উল্লেখ্য যে ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত ডিব্রুগড় আৰক্ষীয়ে ৰাকেশ পালক গ্রেপ্তাৰ কৰাৰ পিছত কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল৷ মন পছন্দৰ প্রার্থীক চাকৰিত নিযুক্তি দিবলৈ তেওঁ গ্রহণ কৰা বক্রপথে সকলোৰে চকু কপালত তুলিছিল৷ ডিব্রুগড় আৰক্ষীৰ সমান্তৰালকৈ বিভিন্ন অভিযোগত চিআইডিসহ কেইবাখনো আৰক্ষী থানাত পালৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷ চিআইডিৰ গোচৰত পালৰ বিৰুদ্ধে ধাৰা আৰোপ কৰা হৈছে৷ সম্প্রতি গোচৰটোৰ বিচাৰ প্রক্রিয়া বিশেষ আদালতত অব্যাহত আছে৷

You might also like