নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম মেচত বাই লাভ অসম কন্যাৰঃ ২৭ জুলাইত লাভলীনাই খেলিব প্রি–কোৱার্টাৰ মেচ

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ বিশ্বৰ সর্ববৃহৎ মহোৎসৱ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিবলৈ সাজু হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ সমগ্র ৰাজ্যত এতিয়া পাৰভগা উছাহ–উদ্দীপনা আৰু অভূতপূর্ব উৎকণ্ঠা বিৰাজ কৰিছে৷

অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী ক্রীড়াবিদৰ সফলতা কামনাৰে ৰাজ্যৰ চৌদিশে অব্যাহত আছে পূজা–অর্চনা আৰু প্রার্থনা৷ গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী ২৩ বছৰীয়া লাভলীনাৰ মনোবল বৃদ্ধি কৰিবলৈ কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাগৰাকীও সতীর্থ মন্ত্রীৰ সৈতে গুৱাহাটীৰ ৰাজপথত চাইকেল ৰেলীত অংশ লয়৷ এনে সময়তে ৰাজ্যবাসীয়ে লাভ কৰিছে এক সু–সংবাদ৷

অসম কন্যা লাভলীনাই টকিঅ’ৰ বক্সিং ৰিঙত নমাৰ পূর্বেই প্রি–কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে৷ অহা ২৪ জুলাইৰ পুৱা ৮ বজাত অসমৰ উদীয়মান বক্সাৰগৰাকীয়ে প্রথম ৰাউণ্ডৰ মেচত অৱতীর্ণ হোৱাৰ কথা আছিল যদিও তেওঁৰ প্রতিদ্বন্দ্বীগৰাকীয়ে নাম প্রত্যাহাৰ কৰে৷ ফলত লাভলীনাই ‘বাই’ লাভ কৰি টকিঅ’ অলিম্পিকৰ প্রমথটো ডেওনা অতিক্রম কৰিবলৈ সক্ষম হয়৷ উদীয়মান বক্সাৰগৰাকীয়ে এতিয়া অহা ২৭ জুলাইত ৰিঙত নামিব৷ প্রি–কোৱার্টাৰত তেওঁৰ প্রতিদ্বন্দ্বী হ’ব জার্মানীৰ নাডিন এপেজ৷ ২০১৮ আৰু ২০১৯ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ বক্সাৰগৰাকীয়ে পৰৱর্তী দুখন মেচত জয় সাব্যস্ত কৰিব পাৰিলেই অলিম্পিকত অসমৰ প্রথমগৰাকী খেলুৱৈ হিচাপে পদক লাভ কৰাটো নিশ্চিত হ’ব৷

মন কৰিবলগীয়া যে এতিয়ালৈকে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ গৌৰৱ অর্জন কৰিছে যদিও কোনেও পদক জয়েৰে ৰাজ্যৰ ক্রীড়া ইতিহাসক ধন্য কৰিব পৰা নাই৷ লাভলীনাই এইবাৰ ব্যর্থতাৰ ইতিহাস সলনি কৰি অলিম্পিকত অসম তথা ভাৰতৰ বিজয়ধ্বজা উৰুৱাব বুলি ৰাজ্যবাসী আশাত বন্দী৷

ইফালে টকিঅ’ৰ অলিম্পিক ষ্টেডিয়ামত আজি বিয়লি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ ২০জনীয়া এথলীটৰ দলটোৰ সৈতে অসম কন্যা লাভলীনাকো দেখিবলৈ পোৱা যাব৷ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি জাপান চৰকাৰে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত মাত্র এহাজাৰ ভি ভি আই পি দর্শককহে আমন্ত্রণ জনাইছে৷ ইয়াৰ ভিতৰত আছে ১৫গৰাকী বিশ্ব নেতা৷

You might also like