নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্রীয় জনসংযোগ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল:তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত শুকুৰবাৰে ৰাষ্ট্রীয় জনসংযোগ দিৱস উদযাপন কৰা হয়৷ বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা PRabhar প্রথম কার্যসূচী হিচাপে উন্মোচন কৰা হয় এখন প্রাচীৰ পত্রিকা৷ তাৰ লগে লগে গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অভিজিত বৰাই অনুষ্ঠানটোত উপস্থিত থকা আমন্ত্রিত অতিথিসকলক আদৰণি জনায়৷ আদৰণী ভাষণৰ পাছতেই তেজপুৰ বিশ্ববিদ্যালয়ৰ মানৱ আৰু সমাজ বিজ্ঞান শাখাৰ মুৰব্বী ডাঃ ফাৰহানা দান্তা কে নিজৰ ভাষণত জনসম্পর্ক বা  জনসংযোগৰ বিষয়ে বক্তব্য ৰাখি কয় যে জনসংযোগৰ তথ্য ভাগ–বাটোৱাৰা কৰাৰ আৱেগিক বন্ধন৷ এই অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ ইলোৰা বৰুৱা, অসম চৰকাৰৰ অধীনৰ জনসংযোগ বিষয়া স্বাক্ষৰ ডেকা আৰু দিব্যজ্যোতি শর্মা, শোণিতপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু তথ্য বিষয়া সমৰেশ বর্মন, ব্রহ্মপুত্র ক্রেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ জ্যেষ্ঠ পৰিচালিকা তথা জনসংযোগ বিষয়া জয়ীতা দাস আৰু গ্রীড ইণ্ডিয়াৰ কুৱলী হাজৰিকা৷

ৰাষ্ট্রীয় জনসংযোগ দিৱস উপলক্ষে নির্ধাৰণ কৰা বিভিন্ন সত্রসমূহৰে ‘জনসংযোগৰ মুখ্য দায়িত্ব সততা ৰক্ষা কৰা’ স্বাক্ষৰ ডেকা, ‘বর্তমান ডিজিটেল সংবাদ মাধ্যমৰ প্রসাৰৰ লগে লগে জনসংযোগ প্রত্যাহ্বানসমূহ বাঢ়ি আহিছে’– দিব্যজ্যোতি শর্মাই বক্তব্য দিয়ে৷ চতুর্থ ষাণ্মাসিকৰ ছাত্রী স্মিতা পাটেলে আঁত ধৰা প্রথম বিষয়গত আলোচনাৰ Thematic session) Decoding PR umbrella’ বিষয়ে নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ইলোৰা বৰা (আই অ’ চি এল), স্বাক্ষৰ ডেকা (অসম চৰকাৰ), নীনা বৰুৱা (অসম চৰকাৰ), সমৰেশ বর্মন (তেজপুৰ বিশ্ববিদ্যালয়) উপৰিউক্ত বিষয়ে বিতংকৈ বিশ্লেষণ কৰে৷ সমৰেশ বর্মনে ‘জনসংযোগ এটি প্রতিষ্ঠানৰ প্রতিনিধি স্বৰূপ’, ‘সংবাদকর্মীৰ সৈতে সুসম্পর্ক স্থাপন অতি গুৰুত্বপূর্ণ কাৰণ তেওঁলোকৰ মাধ্যমেৰে জনসংযোগ স্থাপন সম্ভৱ’– নীনা বৰুৱা আৰু সঠিক সময়ত , সঠিক সিদ্ধান্ত গ্রহণ তথা সুসম্পর্ক স্থাপন ইত্যাদি কর্মৰ মাজেৰে শিকাটো সম্ভৱ, তদুপৰি জনসংযোগ নিত্যান্তই এটি আশংকাৰ পেছা– স্বাক্ষৰ ডেকা, ইলোৰা বৰুৱাই ইণ্ডিয়ান অইলৰ ‘পৰিৱর্তন’ আৰু ‘বিদুশী’ এই দুটি পদক্ষেপৰ ওপৰত আলোকপাত কৰে৷ লগতে প্রতিগৰাকীয়ে জনসংযোগ ক্ষেত্রখনত থকা প্রত্যাহ্বান আৰু সম্ভাৱনাৰ বিষয়ে অৱগত কৰে৷ প্রতিগৰাকী বক্তাৰ আলোচনাই অনুজসকলৰ প্রতি অগ্রজসকলৰ এক দায়িত্বপূর্ণ পৰামর্শৰ দৰে আছিল৷ আলোচনা–চক্রৰ পিছত ছাত্র–ছাত্রীৰ মত বিনিময় অনুষ্ঠিত হয়৷

গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ গৱেষক ছাত্র অভিশেষ কাব্রাই আঁত ধৰা PRabha’ৰ দ্বিতীয় বিষয়গত আলোচনাত ভাগ লয় নির্দিষ্ট বক্তা হিচাপে, জয়ীতা দাস BCPL), দিব্যজ্যোতি শর্মা GoA), কুঁৱলী হাজৰিকা Gird India), জয়ীতা দাসে যিকোনো এটি সম্পর্কৰ আদর্শসমূহৰ বিষয়ে আলোচনা কৰে আৰু তেওঁ কয় যে সততা, বিশ্বাসযোগ্যতা, যোগাযোগ, গৱেষণা ইত্যাদি জনসংযোগৰ আদর্শ৷ জনসংযোগ হৈছে জীৱন–ধাৰণৰ পদ্ধতি, এটি প্রতিষ্ঠানৰ প্রতিগৰাকী বিষয়াই একো একোজন জনসংযোগ ৰক্ষক’ কুৱলী হাজৰিকা, দিব্যজ্যোতি শর্মাই ক’ভিড–১৯ৰ সময়ছোৱাত সঠিক তথ্যসমূহ প্রদানৰ ক্ষেত্রত অসম চৰকাৰৰ জনসংযোগ বিষয়াসকলে পালন কৰা ভূমিকা সম্পর্কে আলোচনা কৰাৰ লগতে সেই তথ্যসমূহে কিদৰে ভুৱা খবৰ সম্প্রসাৰণ ৰোধ কৰাৰ ক্ষেত্রত ভূমিকা পালন কৰে সেই বিষয়ত আলোকপাত কৰে৷ প্রথম আলোচনাৰ দৰে এই আলোচনা প্রশ্ণোত্তৰ পর্বৰ মাজেৰে অন্ত পৰে৷ প্রভা বা PRabha’ অনুষ্ঠানৰ শেষৰফালে গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্র–ছাত্রীয়ে এটা PR campaign’ উদ্বোধন কৰে৷ এক সাংস্কৃতিক অনুষ্ঠানেৰে PR abha’ দিনজোৰা কার্যসূচীৰ অন্ত পৰে য’ত বিভাগৰ ছাত্র–ছাত্রীসকলে গীত, নৃত্য আৰু কবিতা পৰিৱেশন কৰা হয়৷ ভাৰতীয় জনসংযোগ ছ’চাইটীৰ PRSI) আধাৰত জি২০ আৰু ভাৰতীয় মূল্যবোধ জনসংযোগৰ দৃষ্টিভংগীক এই অনুষ্ঠানৰ মূল বিষয়বস্তু হিচাপে লৈ ‘এয়া বিষয়াসকলৰ আপোন ঘৰলৈ ঘূৰি অহাৰ এক উদ্যাপন’ শীর্ষক বিষয়ত ডাঃ অভিজিৎ বৰাই বক্তব্য দিয়ে৷

You might also like