নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ পৰা গুৱাহাটীলৈ চোৰাং কাঠৰ অবাধ সৰবৰাহ

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ  বন বিভাগৰ একাংশ বিষয়া–কর্মচাৰীৰ পৃষ্ঠপোষকতাত ৰাজ্যত পুনৰ আৰম্ভ হৈছে চোৰাং কাঠৰ সৰবৰাহ৷ শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা কৰ ফাঁকিৰে চোৰাং কাঠ বেপাৰীয়ে গুৱাহাটীলৈ প্রতিদিনে ৫০–৬০খন কাঠভর্তি টাটা ডি আই, টাটা মেজিক বাহনেৰে সৰবৰাহ কৰি আহিছে৷ চোৰাং কাঠ ব্যৱসায়ীৰে যোৰাবাটৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ গোপন বুজাবুজি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি খণ্ড বন বিষয়া পুলিন মহন্তৰ পৃষ্ঠপোষকতাত প্রতিদিনে মেঘালয়ৰ পৰা টিপি নোহোৱাকৈ গুৱাহাটীলৈ ৫০–৬০খনকৈ গাড়ীৰে চোৰাং কাঠ সৰবৰাহ কৰি আহিছে ব্যৱসায়ীসকলে৷ খণ্ড বন বিষয়াৰে থকা গোপন বুজাবুজিৰ বাবেই মেঘালয়ৰ পৰা গুৱাহাটীলৈ চোৰাং কাঠ সৰবৰাহ কৰাৰ গাড়ী যোৰাবাট খণ্ড বন বিষয়াৰ কার্যালয়ৰ সন্মুখেৰে প্রতিদিনে পাৰ হৈ আহিছে৷ যোৰাবাট খণ্ড বন বিষয়াৰ কার্যালয়ৰ সন্মুখেৰে পাৰ হৈ অহা চোৰাং কাঠভর্তি তিনিখন বাহন কইনাধৰাত জব্দ কৰিবলৈ সক্ষম হয় খানাপাৰা খণ্ড বন বিষয়াৰ কার্যালয়ে৷ খানপাৰাৰ খণ্ড বন বিষয়া প্রহ্লাদ গায়নৰ নেতৃত্বত চলা অভিযানত চোৰাং পাইন কাঠসহ এ এছ–০১ ডি ডি– ১৩৯৪, এ এছ–০১ কে চি–৮৪৬৬, এ এছ–২৫ চি চি–৬৫৯৩ নম্বৰৰ বাহনকেইখন জব্দ কৰিবলৈ সক্ষম হয়৷ হেমেন দাস নামৰ ব্যৱসায়ীজনে এই চোৰাং কাঠখিনি মেঘালয়ৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল৷

ইফালে, যোৰাবাটৰ খণ্ড বন বিষয়া পুলিন মহন্তই প্রতিদিনে ১০–২০খন গাড়ীৰে বৈধভাৱে কাঠৰ সৰবৰাহ কৰি আহিছে বুলি জানিবলৈ দিছে৷ প্রতিদিনে ১০–২০খন গাড়ীৰে বৈধভাৱে কাঠৰ সৰবৰাহ কৰিলেও ৩০–৪০খন গাড়ীৰে চোৰাং কাঠৰ সৰবৰাহ কিদৰে হৈ আহিছে সেয়া সহজেই অনুমেয়৷

You might also like