নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত প্ৰতিশোধ পূৰণৰ ব্ৰহ্মাস্ত্ৰ আৰ. টি. আই.

বিশেষ বাৰ্তা, ১৫ মে’ : তথ্য জনাৰ অধিকাৰ আইনৰ (আৰ. টি. আই)খনক জনসাধাৰনৰ স্বাৰ্থত প্ৰযোজ্য কৰা হৈছিল যদিও চৰাইদেউ জিলাত একাংশই আইনখনক খীৰতী গাইলৈ ৰূপান্তৰ কৰা পৰিলক্ষিত হৈছে। আৰ.টি.আই কৰ্মী ৰূপে পৰিচিত ব্যক্তিসকলে দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন আচঁনি ৰূপায়নত সংঘটিত অনিয়মৰ বিৰুদ্ধে আৰ.টি.আই মাৰি তথ্য সংগ্ৰহ কৰি বিষয়টোক ৰাজহুৱা ভাবে প্ৰকাশ কৰি জনসাধাৰন তথা চৰকাৰক দৃষ্টি গোচৰ কৰিব লাগে। কিন্তু বিভাগে বিভাগে মৰা  আৰ.টি.আই’ৰ তথ্য মাধ্যমেৰে লাভ কৰা তথ্যসমূহ ৰাজহুৱা নকৰি অতি গোপনে একাংশ আৰ.টি.আই কৰ্মীয়ে (সকলো নহয়) বৃহৎ ধনৰ বিনিময়ত তথ্য সমূহ লুকুৱাই দুনীতিৰ জড়িত বিষয়া-কৰ্মচাৰীক দুৰ্নীতি কৰিবলৈ উৎসাহিত কৰি অহা এক প্ৰতিক্ৰিয়া শীলচক্ৰ কিছুদিনৰ পৰা চৰাইদেউত সক্ৰিয় ৰূপত অৱস্থান কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে জিলাখনত সংঘটিত বহুকেইটা দুৰ্নীতি অনিয়ম কৰা বিভাগীয় বিষয়াৰ বিষয়াৰ বিৰুদ্ধে আৰ.টি.আই মাৰি চক্ৰটোৱে বৃহৎ ধনৰ লেনদেন কৰা বুলি সামাজিক মাধ্যমত চৰ্চা চলিছিল। বন  বিভাগ, গাওঁ পঞ্চায়ত, গড়কাপ্তানি আদি বিভাগ সমূহত চলি থকা অনিয়মৰ বিৰুদ্ধে তথ্য আহৰনৰ বাবে আৰ.টি.আই মাৰি তথ্য লাভ কৰাৰ পাছত চক্ৰটোৱে তথ্য সমূহ সংবাদ মাধ্যমযোগে প্ৰচাৰ নকৰি অতি ৰহস্যজনকভাবে তথ্যসমূহ গাপ দি অভিযুক্তৰ লগত গোপন লেনদেন কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনত জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে অজ্ঞাতে অব্যাহত ৰাখিছে দুৰ্নীতি আৰু অনিয়মৰ বজাৰ। একাংশই সমাজৰ পৰা দুনীৰ্তি নিৰ্মূল কৰাৰ পৰিৱৰ্তে দুনীৰ্তি চলি‌ থকাত উৎসাহ জনাই অহা চক্ৰটোৱে আৰ.টি.আই  কৰ্মীৰ পোছাক পিন্ধি  বক্ৰ পথেৰে ধন‌  উপাৰ্জন  কৰি  থকা বুলি বিস্ফোৰক অভিযোগ উৎথাপন কৰিছে। প্ৰাপ্ত তথ্যমতে জিলাখনত এটা চক্ৰই আৰ.টি.আইৰ মাধ্যমেৰে প্ৰতিশোধ পূৰণৰ একমাত্ৰ মাধ্যমৰূপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। আৰ.টি .আই আইনখনক জিলাখনৰ একাংশ সুবিধাবাদী লোকে সম্পূৰ্ণ ব্যক্তিগত স্বাৰ্থ পূৰণৰ নিমিত্তে ব্যৱহাৰ কৰাত আৰ.টি .আই আইনখনৰ স্বচ্ছতাৰ দিশটোৰ প্ৰতি সন্দেহক ভাৱ উদয় হৈছে।আৰ.টি.আইৰ যোগে তথ্য বিচাৰি বিভাগে আবেদন‌ কৰাৰ পাছতো সংগ্ৰহ হোৱা দুনীৰ্তিৰ তথ্য সমূহক ৰাজহুৱা কৰাৰ বিপৰীতে ধন উপাৰ্জনৰ মূল সম্বল ৰূপে গণ্য কৰি জেপ গৰম কৰা আৰা.টি আই কৰ্মী  জিলাখনত বৃদ্ধি পাইছে। সমাজবিৰোধী আৰ.টি.আই কৰ্মীৰ সৈতে জিলাখনৰ একাংশ দুনীৰ্তিৰ সম্ৰাটসকলে বুজাবুজিৰে প্ৰদান কৰা পৰামৰ্শ অনুসৰি উক্ত ব্যক্তিসকলে বিভাগসমূহত আৰ.টি.আইৰ আবেদন‌ কৰে আৰু জিলাখনৰ একাংশ দুনীৰ্তিগ্ৰস্ত  বিষয়াৰ মধ্যস্থতাত আৰ.টি.আই কৰ্মীৰ জেপত শকত পৰিমাণৰ ধন গুজি বিষয়টোক নিস্প্ৰতি কৰে। আমাৰ‌‌ হাতত থকা তথ্য অনুসৰি জিলাখনত থকা এক এন জি অ’ৰ তথ্য বিচাৰি কিছুদিন‌ পূৰ্বে  কেইগৰাকীমান ব্যক্তিয়ে তথ্য জনা অধিকাৰ আইনযোগে তথ্য‌ বিচাৰিছিল। কিন্তু উক্ত স্বেচ্ছাসেৱী সংস্থাৰ তথ্য দিয়াত ব্যৰ্থ হোৱা বিভাগটোৱে এন জি অ’ৰ অস্তিত্বই বিচাৰি নাপালে।অৱেশ্য এন জি অ’ত জমা হোৱা কোটি কোটি টকাৰ উৎসক লৈও ৰহস্য সৃষ্টি হৈছে। তেনেদৰে বহু কেইটা বিভাগত সংঘটিত দুৰ্নীতিৰ সম্পৰ্কত আৰ.টি.আই কৰ্মীয়ে তথ্য বিচাৰি আবেদন কৰিছিল যদিও সেই তথ্য আজিকোপতি ফাদিল নোহোৱাত জিলাখনত যে একাংশই যে আৰ.টি. আই.খনক খীৰতী গাই ৰূপে ব্যৱহাৰ কৰি মুনাফা লুটি  আছে সেয়া স্পষ্ট হৈ পৰিছে। যাৰ বাবে আইনখনৰ ওপৰত থকা আস্থা আৰু বিশ্বাস পৰ্য্যায় ক্ৰমে নোহোৱা বুলি চৰাইদেউ জিলাৰ সচেতন ব্যক্তি সকলে সংবাদ মাধ্যমৰ ওচৰত ক্ষোভ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
প্ৰেৰক দীপাংকৰ পাল
You might also like