নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ, বিস্ফোৰক পদাৰ্থসহ চোৰাংচিকাৰী আটক

চিৰাং আৰক্ষীয়ে যোৱানিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। নিশাৰ আন্ধাৰত সংৰক্ষিত বনাঞ্চলত চোৰাংচিকাৰী প্ৰৱেশ কৰি বন্যপ্ৰাণীৰ অবৈধ চিকাৰ কৰাৰ নিৰ্ভৰযোগ্য তথা বিশ্বাসযোগ্য খবৰৰ ভিত্তিত আমগুৰি থানাৰ অন্তৰ্গত মালিভিটাৰ জালুকবাৰী বনগাঁৱত আমগুৰি থানাৰ সহযোগত ৰুণীখাটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অতৰ্কিতে অভিযান চলাই যুৱকজনক আটক কৰাৰ লগতে মাৰণাস্ত্ৰ, বন্যপ্ৰাণীৰ মঙহ, বিস্ফোৰক পদাৰ্থ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী কিছুমান উদ্ধাৰ কৰি জব্দ কৰে।

অভিযানৰ সময়ত আটক কৰা চোৰাং চিকাৰীজনক আৰক্ষীয়ে গাঁওখনৰ বাসিন্দা তথা প্ৰয়াত শিকা নাৰ্জাৰীৰ পুত্ৰ ৰাকেব নাৰ্জাৰী (২৫) বুলি চিনাক্ত কৰে। চিৰাং আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, আটক কৰা যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে এটি গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। ধৃত চোৰাংচিকাৰীজনৰ হাতৰ পৰা দুটা হস্তনিৰ্মিত একক বেৰেল ৰাইফল, এখন খুকৰি, দুটা ময়ূৰৰ ডেউকাবিহীন মৃতদেহ, ১০০টা ময়ূৰৰ পাখি, ২টা প্লাষ্টিকৰ বটলত সন্দেহযুক্ত বিস্ফোৰক পাউদাৰ, ২টা পাত্ৰত সন্দেহযুক্ত বিস্ফোৰক পদাৰ্থ, গুলী হিচাপে ব্যৱহাৰ কৰিবলৈ সংগ্ৰহ কৰা ১৫৭টা সৰু বেয়াৰিং বল, ১০টা গুলী হিচাপে ব্যৱহাৰ কৰা লোহাৰ গুটি, ১খনকৈ ক’লা আৰু সেউজীয়া ৰঙৰ বেগ উদ্ধাৰ কৰি জব্দ কৰে বুলিও জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ১৪ ফেব্ৰুৱাৰী :

You might also like