নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ মাজৰচৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা, অভিযুক্তৰ ঘৰ লণ্ডভণ্ড

বৰপেটাৰ চেঙাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত ড্ৰাগছক কেন্দ্ৰ কৰি আজি পুৱাৰ ভাগত তীব্ৰ উত্তেজনা বিয়পে। মাজৰচৰৰ কলম আলীৰ ঘৰত ড্ৰাগছ কিনিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰে নাছিৰ আলী নামৰ এগৰাকী ড্ৰাগছ আসক্ত যুৱক |

নাছিৰ আলী নামৰ যুৱকজনক ধৰাৰ পাছতেই ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছলৈ ঘটনাস্থলীত আলোপতিচৰ আৰক্ষীৰ দল এটা উপস্থিত হয় । ৰাইজে কৰায়ত্ত কৰা ড্ৰাগছ সেৱনকাৰী নাছিৰ আলীক লগে লগে ৰাইজে আৰক্ষীক গতাই দিয়ে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উত্তেজিত ৰাইজে ড্ৰাগছ মাফিয়া কলম আলীৰ ঘৰৰ বেৰ আদি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ড্ৰাগছ মাফিয়া কলম আলী আৰু আহম্মদ আলীক গ্ৰেপ্তাৰ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে |

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা কলম আলী আৰু আহম্মদ আলীয়ে গাঁওখনত অতি সংগোপনে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। শীঘ্ৰে ড্ৰাগছ মাফিয়া কলম আলী আৰু আহম্মদ আলীক গ্ৰেপ্তাৰ কৰিবলৈ বৰপেটা জিলা আৰক্ষী অধীক্ষকক ৰাইজে দাবী জনাইছে ।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ ফেব্ৰুৱাৰী :

You might also like