নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটৰ অজন্তা নাথক এপিএছচিৰ অধ্যক্ষ পদত নিযুক্তিঃ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আনন্দ-উল্লাস

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ শোণিতপুৰৰ জামুগুৰিহাটৰ খাদৈচুক গাঁও নিৱাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা অজন্তা নাথক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। কেইবাবছৰো ধৰি লোকসেৱা আয়োগৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ অন্তত আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে অজন্তা নাথক অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে৷ এই খবৰ বিয়পি পৰাত অধ্যক্ষগৰাকীৰ কৰ্মস্থলী ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ গোট প্ৰমুখ্যে সকলোৱে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে এই ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰি কয় যে এগৰাকী উপযুক্ত ব্যক্তিক উপযুক্ত মৰ্যাদা দিছে চৰকাৰে ৷ অজন্তা নাথৰ নেতৃত্বত লোকসেৱা ক্ষেত্ৰখন অধিক নিকা হব। উল্লেখযোগ্য যে অজন্তা নাথে জামুগুৰিহাটস্থিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহযোগী অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ অন্তত ২০১৮ বৰ্ষত অসম লোকসেৱা আয়োগৰ সদস্যা হিচাপে নিযুক্তি লাভ কৰিছিল ৷

প্ৰেৰক হিৰণ্য বৰা

You might also like