নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ তাৰিখৰ পৰা আৰম্ভ হ’ব অৰুণোদয় আঁচনিঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিএডিত নির্বাচনী বতাহ উত্তপ্ত হৈ উঠিছে৷ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নির্বাচনী প্রচাৰ৷ ইয়াৰ মাজতে বিপিএফ আৰু বিজেপিৰ মাজত চলা নির্বাচনী যুঁজখন আকর্ষণীয় হৈ উঠিছে৷ বিজেপিৰ হৈ নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিটিচিত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নির্বাচনী প্রচাৰ৷

আজিও মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ওদালগুৰি জিলাৰ ভেৰগাঁৱত এক বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে। উক্ত সভাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ লগতে বিগত ১৭ বছৰীয়া শাসনকালত সংঘটিত দুর্নীতি–নিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

ইপিনে এই সভাতে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ বিলাসী অৰুণোদয় আঁচনি অহা মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ হ’ব। অৱশ্যে নিৰ্বাচনৰ বাবে বিটিচিত এই আঁচনি কিছু পলমকৈ আৰম্ভ হ’ব।

উল্লেখ্য যে এই নিৰ্বাচনী সভাতে মন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰোৰে লগত মিত্ৰতা নাই বুলি মন্তব্য কৰি কয় যে বিজেপি দলৰ মিত্ৰতা কেৱল ৰাইজৰ লগতহে আছে।

You might also like