নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানবিধ্বস্ত ৰহাৰ কলঙৰ ভগা মাথাউৰি পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ।

নিয়মীয়া বাৰ্তা, ২৮ জুন : প্ৰলয়ংকৰী বানে বিধস্ত কৰা নগাঁও জিলাৰ ৰহা আৰু কামপুৰ ৰাজহচক্ৰৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই। আজি পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে ৰহাত উপস্থিত হৈ ৰহাৰ স্থানীয় বিধায়ক শশীকান্ত দাসক লগতলৈ ৰহা গড়মাৰী তিনিসূঁতিত উপস্থিত হয়। সেই ঠাইৰ পৰা মন্ত্ৰী গৰাকীয়ে বিধায়ক শশীকান্ত দাস, জিলা উপায়ুক্ত নিসৰ্গ হিভৰে, ৰাজহ চক্ৰ বিষয়া ড৹ সোনাশ্ৰী ব্ৰহ্মৰ সহিতে ৰহা চকীৰ নদীৰ ভগ্ন মাথাউৰিত উপস্থিত হয়। সেই ঠাইৰ পাছতে দূৰ্গাজান আৰু মাজগাঁৱত উপস্থিত হৈ বানে উটুৱাই নিয়া মাথাউৰি তথা পথৰ দুৰৱস্থা আৰু স্থানীয় লোকৰ ভগ্ন বাসগৃহবোৰ পৰিদৰ্শন কৰে। তদুপৰি স্থানীয় বানাক্ৰান্তৰ লোকৰ সৈতে কথা বতৰা পাতি চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰীৰ কেনেধৰণে লাভ কৰিছে সেই বিষয়েও সা-খবৰ লয়। উল্লেক্য যে, বিগত মে’ আৰু জুন মাহত এমাহৰ অন্তত দুটাকৈ বানপানীয়ে ৰহাৰ মোলানকটা -ফুলগুৰি সংযোগী কলং নদীৰ বান্ধ তথা পথচোৱাৰ ৰহা চকী, বামুনীয়া গাঁও , মাজগাঁও, কুমাৰ গাঁও, দূৰ্গাজান দেউবালি, গড়মূৰ আদি বহু ঠাইত বানে মাথাউৰি ভাঙি উটুৱাই নি বিস্তৃত্ব অঞ্চলত ক্ষতি সাধন কৰা পৰিপ্ৰেক্ষিত্বত কৃষকৰ পক্ষুধন, কৃষি ভূমিৰ বিস্তৰ ক্ষয়ক্ষতি হয়। এনে মহা সংকটৰ পৰা সকাহ লাভ কৰিবলৈ চৰকাৰৰ কৃষি বিভাগে কৃষক ৰাইজক ধান কঠিয়া যোগান ধৰিব বুলি মন্তব্য কৰিছে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰহা সমষ্টিৰ ১২১ খন গাঁও এই বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে জিলানৰ নগাঁও সদৰ ,ৰহা আৰু বঢ়মপুৰ সমষ্টিত প্ৰায় পাঁচ লাখ লোক বানাক্ৰান্ত হৈছে। এই সকলোবোৰ দিশ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীক বিষয় সমূহ অৱগত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে। উল্লেখ্য যে, উক্ত বানপানীয়ে ৰহা চকী ৰেলৱে দলঙৰ কাষতে নদীৰ পাৰ ভাঙি নিয়াৰ লগতে প্ৰায় চাৰি কিল’মিটাৰ ভিতৰত বাৰ ঠাইত নদীৰ পানীয়ে পথ ভাঙিলৈ যোৱাত যাতায়ত ব্যাহত হোৱাত জলবন্দী হৈ আছে চাৰিখন গাঁৱৰ লোক।

প্ৰেৰক ভৱজোতি ডেকা

You might also like