নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন এক ইতিবাচক বার্তা মুখ্যমন্ত্রী ড০ শর্মাৰঃ অৰুণাচলৰে সীমা বিবাদো সমাধানৰ পথত

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ মেঘালয়ৰ সৈতে সীমা বিবাদৰ মীমাংসাত উপনীত হোৱাৰ পাছত অতি সোনকালে চুবুৰীয়া মিজোৰাম আৰু অৰুণাচল প্রদেশৰ সৈতেও সীমা সমস্যা সমাধানৰ দিশে আগবাঢ়িছে৷ বৃহস্পতিবাৰে এই কথা প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীগৰাকীৰ মতে, অতিশীঘ্রে অৰুণাচল প্রদেশৰ সৈতে সীমা সমস্যাক লৈ চলিব আলোচনা৷ ইতিমধ্যে প্রাৰম্ভিক আলোচনা যথেষ্ট আগবাঢ়িছে৷ উল্লেখ্য যে মেঘালয়ৰ সৈতে থকা সীমা বিবাদ সমাধানৰ বাবে যোৱা সময়ছোৱাত চলা আলোচনাৰ পাছত শেহতীয়াকৈ ৬টা বিবদমান স্থানক লৈ মীমাংসাত উপনীত হৈছে দুয়োখন ৰাজ্য৷

চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গ্রহণ কৰা পদক্ষেপ সন্দর্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– চুবুৰীয়া অৰুণাচলৰ সৈতেও সীমা সমস্যাৰ প্রাৰম্ভিক আলোচনা ইতিমধ্যে যথেষ্ট আগবাঢ়িছে৷ অৰুণাচলৰ সৈতে হোৱা সীমা সমস্যাৰ প্রাৰম্ভিক আলোচনা চলি আছে৷ মেঘালয়ৰ সৈতে সম্পূর্ণৰূপে মীমাংসাত উপনীত হোৱাৰ পাছতেই অৰুণাচল আৰু মিজোৰামৰ সৈতে আৰম্ভ হ’ব আলোচনা৷ অৰুণাচল–মিজোৰামৰ সৈতে থকা বিবাদ মীমাংসাৰ বাবে অচিৰেই গঠন কৰা হ’ব কমিটী৷ মোৰ লক্ষ্য থাকিব ৫ বছৰীয়া কার্যকালত উত্তৰ–পূবৰ লগত এক সুসম্পর্ক গঢ়ি তোলা৷ নাগালেণ্ডৰ সৈতে বিবাদ সন্দর্ভত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে৷ সেই বিষয়টো ন্যায়ালয়েহে সমাধান দিব পাৰিব৷ কিন্তু অলপ যত্ন কৰিলে অৰুণাচল আৰু মিজোৰামৰ সৈতে থকা সমস্যাৰ সমাধান উলিয়াব পৰা যাব৷ উল্লেখ্য যে অৰুণাচলৰ সৈতে প্রায় ১,২০০টা স্থানত বিবাদ চলি আছে৷ চুবুৰীয়া ৰাজ্যখনৰ সৈতে অসমৰ ৮০৪.১০ কিলোমিটাৰ সীমা আছে৷ বিগত সময়ছোৱাত উজনি অসমৰ বিশ্বনাথ, তেজপুৰ, লখিমপুৰ, ধেমাজি জিলাকেইখনত অৰুণাচলী লোকে ভূমি বেদখলৰ বিভিন্ন ঘটনা সংঘটিত কৰি এই সীমা সমস্যা অধিক জটিল কৰি তুলিছে৷

শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ শর্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে এই সন্দর্ভত অনানুষ্ঠানিকভাৱে বার্তালাপত মিলিত হৈ বিষয়টো সমাধানৰ বাবে ঐকমত্যত উপনীত হৈছে৷ আনকি বিষয়টোক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও ইতিমধ্যে অনুষ্ঠিত কৰিছে এক বৈঠক৷ মেঘালয়ৰ সৈতে সীমা সমস্যাৰ মীমাংসা যথেষ্ট আগবাঢ়ি যোৱাৰ পাছত অৰুণাচলৰ সৈতে অচিৰেই এই সন্দর্ভত অনুষ্ঠিত হ’ব আনুষ্ঠানিক বার্তালাপ৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই মিজোৰামৰ সৈতেও একেইধৰণে সীমা সমস্যা সমাধানত আগবাঢ়িব বুলি স্পষ্ট কৰিছে৷ চুবুৰীয়া ৰাজ্যখনৰ সৈতে বিগত বর্ষত সৃষ্টি হোৱা সংঘাতৰ পাছত সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই যথেষ্ট উদ্যোগ গ্রহণ কৰিছে৷ আনকি এইক্ষেত্রত কেন্দ্রীয় চৰকাৰেও অসমৰ মুখ্যমন্ত্রীগৰাকীক পূর্ণ সমর্থন দিছে৷ ইফালে, মেঘালয়ৰ সৈতে হোৱা সীমা বিবাদৰ মীমাংসাৰ বিষয়টোক লৈ মুখ্যমন্ত্রী ড০ শর্মাই দিল্লীলৈ যোৱাৰ পূর্বে সংবাদ মাধ্যমৰ আগত কয়– মেঘালয়ক অসমে কোনো ধৰণৰ ভূমি এৰি দিয়া নাই৷ পিলিংকাটাৰ ভূমি এৰি দিয়া বুলি যি চর্চা হৈছে, সেয়া মাত্র হৈছে ০.২ হেক্টৰ ভূমিৰ এখন ফিল্ডহে৷ তাত কোনো জনবসতি নাই৷ ইয়াৰ বিপৰীতে পশ্চিম গুৱাহাটী সমষ্টিত মেঘালয়ে যি ১২খন ঠাই পূর্বে এৰি দিছিল, সেই ঠাইত যদি দখল চলি আছে তেন্তে মেঘালয়ে তাক এৰি দিব বুলিহে কৈছে৷ দুয়োখন ৰাজ্যৰ মাজত যি বুজাবুজি হৈছে, সেই বুজাবুজি অথবা সমস্যা সমাধানৰ প্রতিবেদন কেন্দ্রীয় গৃহমন্ত্রীক দাখিল কৰাৰ পাছত পৰৱর্তী সময়ত গৃহ মন্ত্রালয়ে যিধৰণৰ আইনী ব্যৱস্থা গ্রহণ কৰে, সেই ধৰণেই দুয়োখন ৰাজ্য আগবাঢ়িব৷ মেঘালয়ৰ সৈতে বিবদমান ১২টা স্থানৰ ভিতৰত ৬টা স্থানত সমাধানসূত্র ওলাইছে৷ আন তিনিটা স্থানৰো সমস্যা অচিৰেই সমাধান হ’ব৷ কেৱল বাকী থকা তিনিটা স্থানৰ বিবাদৰ কিছু জটিলতা আছে৷ বিশেষকৈ লাম্পি আৰু কার্বি আংলঙত থকা এই সীমা বিবাদ সমাধানৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হ’ব৷ কিন্তু উত্তৰ–পূবৰ সাত ভনী মিলিজুলি থকাটো সকলোৱে বিচাৰে৷ সেই দিশেৰেই আমি আগবাঢ়িছোঁ৷

You might also like