নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেজৰ পৰা গৃহাভিমুখী দৰং মহাবিদ্যালয়ৰ ছাত্রীক অপহৰণ

তেজপুৰত চাঞ্চল্য

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ তেজপুৰত আৰক্ষী–নিৰাপত্তা বাহিনীৰে গিজগিজাহ থকাৰ সময়ত দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্রীক অপহৰণ কৰি পাঁচ লাখ টকা দাবী কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ তেজপুৰ শংকৰ নগৰ নিৱাসী মনোজ নাথ আৰু মৃদুলা দেৱীৰ জীয়ৰী তথা দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্রেণীৰ ছাত্রী পৰীস্মিতা দেৱীক বৃহস্পতিবাৰে দুপৰীয়া অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

ঘটনা অনুসৰি, বৃহস্পতিবাৰে বিয়লি প্রায় ১ বজাত পৰীস্মিতাৰ মাতৃ মৃদুলা দেৱীৰ লগত শেষবাৰৰ বাবে কথা পতাৰ সময়ত পৰীস্মিতাহ ক্লাছ শেষ হৈছে আৰু ঘৰলৈ গৈ আছোঁ বুলি কয়৷ কিন্তু ডেৰ বজাত পৰীস্মিতাৰ ম’বাহল ফোনৰ পৰা এজন যুৱকে তেওঁৰ কন্যাক অপহৰণ কৰা হৈছে বুলি জনোৱাৰ লগতে মুক্তিপণ ৫ লাখ টকা দাবী কৰা বুলি পৰীস্মিতাৰ মাতৃ মৃদুলা দেৱীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ আনকি মাতৃয়ে কন্যাক বিচাৰি পুনৰ ফোন কৰাত মিছন চাৰিআলিত থকা বুলি জনোৱাত পৰিয়ালৰ লোক মিছন চাৰিআলিলৈ আহি পুনৰ ফোন কৰাত সংযোগ স্থাপন কৰিব নোৱাৰিলে বুলি জনায়৷

আনহাতে, ঘটনা সন্দর্ভত মাতৃ মৃদুলা দেৱীয়ে কন্যাক বিচাৰি তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে৷ তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰা দিন–দুপৰতে এগৰাকী ছাত্রী কেনেকৈ অপহৰণ হ’ব পাৰিলে আৰু প্রকৃততে এয়া অপহৰণ নে অন্য ঘটনা, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ এহ সমগ্র ঘটনাৰ ৰহস্য আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব৷

You might also like