নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় নৌসেনাত প্রথমবাৰৰ বাবে মহিলা নিযুক্তি

  • তিনি হাজাৰ অগ্নিবীৰৰ ভিতৰত ৩৪১ মহিলাক নাবিক হিচাপে নিযুক্তিৰ ঘোষণা
  • ২০৪৭ত ভাৰতীয় নৌবাহিনী আত্মনির্ভৰ হ’ব

 

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: দেশৰ সশস্ত্র বাহিনীত নাৰী সবলীকৰণৰ আন এক পদক্ষেপ৷ নৌসেনা দিৱসৰ প্রাক্ক্ষণত আজি এক ঐতিহাসিক ঘোষণা কৰিলে নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনা দিৱসক লৈ আয়োজিত সংবাদ মেলত মুৰব্বী এডমিৰেল আৰ হৰিকুমাৰে কয় যে ভাৰতীয় নৌবাহিনীত প্রথমবাৰৰ বাবে মহিলাক নিযুক্তি দিয়া হ’ব৷ প্রায় তিনি হাজাৰ অগ্ণিবীৰৰ প্রথম বেট্ছত ৩৪১গৰাকী মহিলাক নৌসেনাৰ নাবিক হিচাপে নিযুক্তি দিয়া হ’ব৷ মহিলাসকলক পুৰুষৰ সমানেই এই নিযুক্তিৰ বাবে প্রশিক্ষণ দি সাজু কৰি তোলা হৈছে৷ নাৰী সবলীকৰণত সশস্ত্র বাহিনীয়ে গ্রহণ কৰা পদক্ষেপৰ অংশ হিচাপে নৌবাহিনীত ৩৪১গৰাকী মহিলাক নাবিক হিচাপে নিযুক্তি দিয়া হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে এডমিৰেল আৰ হৰিকুমাৰে কয় যে কেন্দ্রীয় চৰকাৰে নৌবাহিনীক সম্পূর্ণ আশ্বাস দিছে যে ২০৪৭ চনৰ ভিতৰত নৌসেনা সম্পূর্ণ আত্মনির্ভৰ হ’ব৷ সংবাদ মেলত এডমিৰেল হৰিকুমাৰে কয়– আমি সদ্যহতে ৩৪১ মহিলা অগ্ণিবীৰক নিযুক্তি দিম৷ প্রথমবাৰৰ বাবে মহিলাক এই পদবীত নিযুক্তি দিয়া হ’ব৷ পৃথকভাৱে কোনো মহিলাক নিযুক্তি দিয়া হোৱা নাই৷ তেওঁলোকক পুৰুষ প্রতিদ্বন্দ্বীৰ সমানেই একে আর্হিত নিযুক্তি দিয়া হ’ব৷ এয়া হৈছে নির্বাচনৰ অভিন্ন পদ্ধতি৷ একেই প্রশিক্ষণ দিয়া হৈছে৷ মহিলাসকলক জাহাজ, বিমান ঘাটি আৰু বিমানত নিযুক্তি দিয়া হ’ব৷ সাধাৰণ নাবিকৰ দৰেই সকলো ক্ষেত্রতে তেওঁলোকক প্রশিক্ষণ দিয়া হ’ব৷ প্রশিক্ষণত কোনোধৰণৰ বিভেদ নাথাকিব৷ আমি লিংগ নিৰপেক্ষ বাহিনীৰ দিশে আগবাঢ়িম৷ কেৱল আমি কোনো ব্যক্তি সক্ষমতাৰ ওপৰতহে গুৰুত্ব দিম৷ তদুপৰি ভাৰতীয় মহাসাগৰ অঞ্চলত চীনৰ সামৰিক আৰু গৱেষণা জাহাজৰ চাল–চলনতকৈ নৌবাহিনীয়ে সূক্ষ্ম নিৰীক্ষণ ৰাখি থকা বুলি উল্লেখ কৰি ভাৰতৰ সাগৰীয় নিৰাপত্তা বাহিনীটোৰ অহোপুৰুষার্থ প্রয়াস অব্যাহত থাকিব বুলি কয় এডমিৰেল হৰিকুমাৰে৷ মন কৰিবলগীয়া যে নৌবাহিনীয়ে বিগত বর্ষৰ পৰাই বাহিনীটোক শক্তিশালী কৰিবলৈ ইটোৰ পাছত সিটো পদক্ষেপ গ্রহণ কৰি আহিছে৷ ভাৰতৰ কাৰণে ঐতিহাসিক বিমান পৰিবাহী জাহাজ আই এন এছ বিক্রান্ত মোতায়েন কৰা হৈছে৷ দেশত মেড ইন ইণ্ডিয়া নিৰাপত্তা সমাধানৰ কাৰণে বাহিনীটোৱে লক্ষ্য কৰি লৈছে বুলিও কয় এডমিৰেল হৰিকুমাৰে৷

You might also like