নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যবিত্তলৈ ৰেহাই, গৃহ নির্মাণ খণ্ডলৈ সুখবৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’ : মধ্যম আয়ৰ পৰিয়ালৰ বাবে সীমিত বাজেটৰ গৃহ নির্মাণৰ বাবে আগবঢ়োৱা ৰেহাইৰ আঁচনি ২০২১ চনৰ ৩১ মার্চলৈ বৃদ্ধি কৰা হৈছে ৷ যোৱা ৩১ মার্চলৈ এই ৰেহাই আঁচনি কার্যকৰী হৈ আছিল ৷ ইয়াৰ বাবে চৰকাৰে ৭০ হাজাৰ কোটি টকা ধার্য কৰিছে ৷ ৰেহাই সুদত এই ঋণ আহৰণ কৰি আহিছে ৬ লাখৰ পৰা ১৮ লাখৰ ভিতৰত উপার্জন কৰা পৰিয়ালে ৷ ইয়াৰ ফলত ২.৫ লাখ মধ্যবিত্ত অহা ১২ মাহত উপকৃত হ’ব৷ ইতিমধ্যে ৩.৩ লাখ পৰিয়ালে এই সুবিধা গ্রহণ কৰিছে ৷ গৃহনির্মাণ খণ্ডৰ বাবে এয়া এক সুখবৰ হিচাপে বিবেচিত হৈছে ৷ কিয়নো ইয়াৰ ফলত গৃহ নির্মাণ খণ্ডত চাহিদা বৃদ্ধি পাব ৷ ক’ভিড–১৯ লকডাউনত আটাইতকৈ ক্ষতিগ্রস্ত হোৱা অন্যতম আছিল গৃহ নির্মাণ খণ্ড ৷

You might also like