জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণত অসমৰ BSF জোৱানৰ মৃত্যু
জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰবল বানপানীৰ কবলত পৰি মৃত্যু কাছাৰৰ এক BSF জোৱানৰ। কৰ্তব্যৰত অবস্থাত মৃত্যু হৈছে ৰাজীৱ নুনিয়া নামৰ জোৱানজনৰ। নিহত জোৱানজনৰ ঘৰ কাছাৰৰ জিলাৰ উধাৰবন্ধ দয়াপুৰত। পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিল ২৩ বছৰীয়া ৰাজীৱ।
জানিব পৰা মতে, ২৬ আগষ্টত জম্মু-কাশ্মীৰ আকড়ুৰৰ পাকিস্তান সীমান্তত পহৰাৰ দায়িত্বত আছিল ৰাজীব নুনিয়া নামৰ বিএছএফ জোৱানজন৷ সেই সময়ত ডাৱৰ বিষ্ফোৰণৰ বাৱে প্ৰবল বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হয় সীমান্তত৷ ৰাজীৱ সীমান্তৰ watch towerত কৰ্তব্যৰত অৱস্থাত আছিল৷
বানপানী পৰিস্থিতিৰ মাজত watch tower ভাঙি যোৱাৰ উপক্ৰম হোৱাত ৰাজীৱ জাঁপ দি তলত পানীত পৰে৷ কিন্তু watch tower ভাঙি ৰাজীৱৰ ওপৰত পৰি যোৱাত ঘটনাস্থলীত মৃত্যু হয় জোৱানজনৰ৷ মৰ্মান্তিক এই ঘটনাৰ খবৰ উদাৰবন্ধত আহি পোৱাৰ লগে লগে শোকৰ ছাঁ নামি পৰিছে৷
কাইলৈ মৃতদেহ নিজ ঘৰলৈ লৈ অনা হব বুলি জানিব পৰা গৈছে ৷
Niyomiya Barta Desk, 28 August