ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পিন্ধিলে গেৰুৱা বসন। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰা আজি পুৱা উপস্থিত হয় বাজপেয়ী ভৱনত। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপিত যোগদানক লৈ দেওবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত ব্যাপক আয়োজন কৰা হয়।
আজি বশিষ্ঠ চাৰিআলিস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। যোগদানৰ পিছত তেওঁ কয়- ‘মই আজিৰ পৰা বিজেপিৰ এজন কাৰ্যকতা। মই দুৰ্যোধনৰ সংগ ত্যাগ কৰিলোঁ।’
দেওবাৰে বিজেপিত আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ যোগদানৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক বিজেপি দললৈ আদৰণি জনাই কয় যে আজিৰ পৰা বৰাই এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- “ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দলৰ বাবে বহুত অৱদান আগবঢ়াইছে । তেওঁ ৩২ বছৰ ধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়াইছিল । আজিৰ পৰা তেওঁ এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব । মই তেওঁলৈ শুভকামনা জনাইছো ।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰে পৰা তেওঁৰ কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণৰূপে নোহোৱা হ’ল । এতিয়া আমি এগৰাকী বিজেপিৰ গৌৰৱী কাৰ্যকৰ্তা হিচাপে, বিজেপিক শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃৰ সেৱা কৰিবলৈ একেলগে কাম কৰিম ।