শ্ৰদ্ধাঞ্জলি কাননত স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ আজি স্বাধীনতা দিৱস। পুৱাই শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ আমি পালন কৰিছো। আমি কিছুদিন আগতে সৃষ্টি কৰা পৰম্পৰা অনুসৰি শ্ৰদ্ধাঞ্জলি কাননত আহি স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰলৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সঁচাকৈয়ে পবিত্ৰ অনুভৱ কৰিছো। অসমৰ ৰাইজক স্বাধীনতাৰ ৭৫ বছৰৰ অভিনন্দন জনাইছো।”
On 75th #IndependenceDay I pay my finest tributes to our freedom fighters who sacrificed their lives and fought with great valour. Pursuing their ideals, we reiterate our solemn commitment to enrich Indian values and ethos, and work for a ‘New India’.
जय हिंद ?? pic.twitter.com/FxfNBCCNJC
— Himanta Biswa Sarma (@himantabiswa) August 15, 2021