অসমত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ… কিমান ভোটাৰ পালে হ্ৰাস
বিশেষ পুনৰীক্ষণৰ পাছত অসমত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই তালিকাত মুঠ ২.৪৯ কোটি ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে, যিটো খচৰা ভোটাৰ তালিকাৰ তুলনাত ০.৯৭ শতাংশ কম। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে, খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ২.৫২ কোটি, যিটো এতিয়া চূড়ান্ত ভোটাৰ তালিকাত হ্ৰাস পাই ২.৪৯ কোটি হৈছে।
প্ৰতিবেদন অনুসৰি, চূড়ান্ত ভোটাৰ তালিকাত ১.২৪ কোটি পুৰুষ ভোটাৰ, ১.২৪ কোটি মহিলা ভোটাৰ আৰু ৩৪৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।
নিৰ্বাচন আয়োগৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে যে অসমত চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে। খচৰা ভোটাৰ তালিকাৰ পৰা অসমত মুঠ ২.৪৩ লাখ নাম বাদ দিয়া হৈছে।
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী