নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল পলাশবাৰীৰ অঞ্জলি দাস

আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ খেলুৱৈ অঞ্জলি দাস। আবুধাবিত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিকছ মীটত ৫০০০ মিটাৰ খোজ কঢ়া প্রতিযোগিতাত তেওঁ স্বর্ণ পদক অর্জন কৰি অসমৰ লগতে দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনে। তেওঁৰ এই সাফল্যত অঞ্চলটোত উৎসাহৰ সৃষ্টি হয়। চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মিৰ্জাৰ একাউণ্টেণ্ট অঞ্জলি দাসৰ সাফল্যত সমগ্ৰ দক্ষিণ কামৰূপৰ লগতে পলাশবাৰী, আমৰাংগা-বৰিহাট অঞ্চলত উৎসাহৰ সৃষ্টি হয়।
নিয়মীয়া বাৰ্তা, কুকুৰমাৰা, ১০ ফেব্ৰুৱাৰী :
You might also like