নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যবাসীলৈ নৱবর্ষৰ শুভেচ্ছা ৰাজ্যপাল মুখীৰ

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ নৱবর্ষ ২০২১ উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক শুভেচ্ছা বার্তাত ৰাজ্যপাল মুখীয়ে নতুন বছৰটোৱে সমগ্র জাতিটোলৈ শান্তি আৰু প্রগতি কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে৷ ইফালে, ‘ইংৰাজী নৱবর্ষ ২০২১ বাৰেবৰণীয়া জাতি–জনগোষ্ঠীৰে বৈচিত্র্যময় অসমৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সমূহ জনসাধাৰণৰ কাৰণে আশা–উদ্দীপনা আৰু সম্ভাৱনাৰ বছৰ হিচাপে পৰিগণিত হ’ব৷’ ৰাজ্যবাসীক ইংৰাজী নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে নতুন বছৰটোৱে ৰাজ্যখনলৈ সুখ–সমৃদ্ধিৰ নৱবার্তা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিযোগে সভাপতিগৰাকীয়ে ইংৰাজী নতুন বছৰটো ৰাজনৈতিকভাৱে পৰিপক্ব অসমীয়াৰ সচেতন জাতীয় চেতনাৰ মাইলৰ খুঁটি হিচাপে চিহ্ণিত হ’ব বুলি প্রত্যয় প্রকাশ কৰে৷

ইফালে, সদৌ অসম কেন্দ্রীয় অর্ধ–কেন্দ্রীয় কর্মচাৰী পৰিষদে ইংৰাজী নৱবর্ষৰ বাবে শ্রমিক–কর্মচাৰী তথা শুভাকাংক্ষীৰ লগতে সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ পৰিষদৰ সভাপতি চন্দন কান্ত বৰুৱা আৰু সাধাৰণ সম্পাদক মাধৱ কুমাৰ হাজৰিকাই এক প্রেছ বিবৃতিত জনায় যে আগন্তুক বছৰটোৱে কেৱল সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব৷

You might also like