নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুগ্ধ উৎপাদনেৰে আত্মনির্ভৰশীলতাৰ পথ দেখুৱাইছে সীতা জখলাই: বছৰি ৪০ কোটিৰ ব্যৱসায়েৰে চমক

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ  ক’ৰোনাকেন্দ্রিক পৰিৱেশে নমাই অনা আর্থিক দুৰৱস্থা তথা মন্দা ব্যৱসায়ে উদ্যোগীসকলক হতাশাগ্রস্ত কৰাৰ মাজতে ২০২০ বর্ষত স্বনির্ভৰশীল ব্যৱসায়েৰে উজলি উঠিছে এটা দুগ্ধ উৎপাদক প্রতিষ্ঠান৷ বিগত ৫৯ বছৰ ধৰি দুগ্ধ উৎপাদনেৰে ৰাজ্যৰ লগতে বহিঃৰাজ্যতো বিশেষ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা মৰিগাঁও জিলাৰ সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্রই নিৰাশাৰ মাজতো ৰাজ্যৰ যুৱকসকললৈ আনিছে আশাৰ বতৰা৷ গাখীৰ উৎপাদন আৰু বিক্রীৰ জৰিয়তে সীতাজখলা দুগ্ধ উৎপাদন সমবায় সমিতিখনে দুর্যোগপূর্ণ অৱস্থাত আশাৰ বতৰা দেখুওৱাই নহয়, ৰাজ্যৰ অর্থনীতিলৈও যোগাইছে অৰিহণা৷ উল্লেখ্য যে এহাজাৰতকৈ অধিক যুৱকক প্রত্যক্ষ সংস্থাপন আৰু চাৰি হাজাৰ পৰিয়ালক পৰোক্ষভাৱে উপার্জনৰ সুযোগ উলিয়াই দিয়া সীতাজখলা এতিয়া বহু উদ্যোগীৰ বাবে আদর্শৰ বাট৷ ১৯৪০ চনতে মৰিগাঁও জিলাৰ আমলীঘাট গাঁৱত ডেৰশ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যৰে আৰম্ভ কৰা সীতাজখলাই এতিয়া প্রতিদিনে উৎপাদন কৰে ১২ হাজাৰ লিটাৰ গাখীৰ৷ দুগ্ধ বিপ্লৱৰ সূচনা কৰি বিগত ৫৯ বছৰে সমবায়খনে একক প্রচেষ্টাৰে আগুৱাই নিয়া এই যাত্রাত এতিয়া সমভাগী হৈছে এহাজাৰ দুগ্ধ পালক৷ মাত্র ৭গৰাকী দুগ্ধ পালকে গাখীৰ বিক্রীৰ বাবে এখন বজাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা সমবায়খনে এতিয়া ৰাজ্যৰ প্রায় প্রতিখন জিলাতে নিতৌ যোগান ধৰি আহিছে পর্যাপ্ত গাখীৰ৷ যি সময়ত বহিঃৰাজ্যৰ পৰা অহা দুগ্ধ প্রতিষ্ঠানসমূহে অসমৰ গাখীৰৰ বজাৰত নিগাজীকৈ বহি লৈছে, তেনে সময়তে সীতাজখলাই তীব্র প্রত্যাহ্বান তথা প্রতিযোগিতাৰ মাজত নিজৰ উৎপাদনেৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ বর্তমান সময়ত বজাৰত বিভিন্ন গাখীৰ উৎপাদক প্রতিষ্ঠানৰ সমান্তৰালকৈ উচ্চাৰিত হৈ আহিছে সীতাজখলাৰ নাম৷ যোৱা ২০১৮ চনৰ ১৪ নৱেম্বৰৰ পৰা গাখীৰৰ লগতে পনিৰ, ক্রীম, দৈ আৰু বিভিন্ন প্রকাৰৰ মিঠাই প্রস্তুতেৰে ভুমুকি মৰা সীতাজখলা এতিয়া ৰাজ্যবাসীৰ বাবে এক পৰিচিত ব্রেণ্ড৷ মন কৰিবলগীয়া যে ৰাজ্যত প্রতিদিনে আৱশ্যক হোৱা গাখীৰৰ প্রায় ৪০ শতাংশ গাখীৰ সীতাজখলাই যোগান ধৰিবলৈ সক্ষম হৈছে৷ এই সন্দর্ভত সমবায়খনৰ সভাপতি ৰঞ্জীৱ শর্মাই জানিবলৈ দিয়া মতে, সমবায়ত জড়িত প্রতিগৰাকী গো–পালক হৈছে এই ব্যৱসায়ৰ মূল মালিক৷ গো–পালকসকলে তেওঁলোকৰ উৎপাদিত গাখীৰ সমবায়ৰ জৰিয়তে বিক্রী কৰি সর্বাধিক লাভ অর্জন কৰিবলৈ সক্ষম হৈছে৷ প্রতি ১০ দিনৰ মূৰে মূৰে গো–পালকসকলৰ গাখীৰৰ মূল্য আৰু লাভৰ অংশ বেংকৰ জৰিয়তে প্রদান কৰা হয়৷ তদুপৰি এই সমবায়খনক ব্যৱসায়িক দিশলৈ আগুৱাই নিয়াৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাগৰাকীও বাচকবনীয়া তথা অভিজ্ঞ গো–পালকক সমবায়ত সংযোগ কৰা হৈছে৷ যাৰ ফলস্বৰূপে সীতাজখলাই এতিয়া মধ্য অসমৰ পৰা ব্যৱসায়ৰ প্রসাৰ ঘটাই নামনি অসম, উত্তৰ অসম আৰু উজনি অসমৰ কেইবাখনো জিলাক স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ বজাৰত সন্মুখীন হোৱা প্রত্যাহ্বান আৰু প্রতিযোগিতাৰ মাজত গ্রাহকক উন্নতমানৰ গাখীৰ তথা দুগ্ধজাত সামগ্রী যোগান ধৰাৰ বাবে সীতাজখলাই প্রতিটো ক্ষেত্রতে বিশেষ গুৰুত্ব প্রদান কৰি আহিছে৷ উল্লেখ্য যে দুগ্ধ উন্নয়নৰ ক্ষেত্রত শেহতীয়াকৈ বাক্সা জিলাই দেখুওৱা সফলতাৰ বাবে জিলাখনক আদর্শ জিলা হিচাপে গ্রহণ কৰিছে সমবায়খনে৷ একেদৰে বজালী জিলাতো দুগ্ধ উৎপাদনৰ ক্ষেত্রত যথেষ্ট সফলতা লাভ কৰিছে সমবায় সমিতিখনে৷ ইফালে সমবায় সমিতিখনৰ উপাধ্যক্ষ পুষ্পধৰ দাসে প্রকাশ কৰা মতে, সীতাজখলাক এক ব্রেণ্ড হিচাপে বজাৰত প্রতিষ্ঠা কৰাটোৱেই সমবায়খনৰ বর্তমান মূল লক্ষ্য৷ সীতাজখলাৰ গাখীৰ তথা দুগ্ধজাত সামগ্রীৰ লগতে এতিয়া বজাৰত মোকলাই দিয়া হৈছে বিভিন্ন ধৰণৰ মিঠাই, পিঠা, লাড়ু আৰু গাখীৰৰ দ্বাৰা প্রস্তুত সামগ্রী৷ সমবায়খনৰ মূল লক্ষ্য হ’ল সাধাৰণ ৰাইজক উচিত মূল্যত প্র’টিনযুক্ত সামগ্রী যোগান ধৰা৷ এই লক্ষ্যত যথেষ্ট সফল হৈছে সমবায় সমিতিখনে৷ সেয়াই নহয়, দুগ্ধ বিপ্লৱৰ জৰিয়তে সফলতা আনিবলৈ সক্ষম হোৱা সমিতিখনে বছৰি ৪০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ যাৰ জৰিয়তে সমিতিখনে ৰাজ্যৰ অর্থনীতিতো যোগাইছে অৰিহণা৷

You might also like