নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ডেউকা কোবাই যায়’ৰ বাবে অভিজিৎ বৰালৈ মুনীন বৰকটকী বঁটা

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ২০২০ বৰ্ষৰ ২৬ সংখ্যক মুনীন বৰকটকী বঁটা লাভ কৰিলে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ অভিজিৎ বৰাই। ‘ডেউকা কোবাই যায়’ শীৰ্ষক চুটি গল্প সংকলনখনৰ বাবে বৰাক এই সন্মান আগবঢ়োৱা হয়।

আজি এটা প্ৰেছ বিবৃতিযোগে মুনীন বৰকটকী স্মৃতি ন্যাসৰ পৰা জনোৱা হয় এই খবৰ। উল্লেখ্য, ১৯৯৫ চনৰ পৰা স্মৃতি ন্যাসে অসমীয়া ভাষাৰ নতুন লেখক-লেখিকাক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে।

এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ। ন্যাসৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, ২০১৯ আৰু ২০২০ বৰ্ষৰ ২৫ আৰু ২৬ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত গুৱাহাটীত অনুষ্ঠিতব্য বঁটা প্ৰদান অনুষ্ঠান প্ৰদান কৰা হ’ব।

You might also like