নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামপুৰৰ বিশিষ্ট নাগৰিক, ৰিজাৰ্ভ বেংকৰ অৱসৰী বিষয়া অজিত চন্দ্ৰ কলিতাৰ দেহাৱসান

২০০৩ চনৰ ৩১ অক্টোবৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া পৰ্যায়ৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰা ৰামপুৰ গাঁৱৰ বিশিষ্ট নাগৰিক অজিত চন্দ্ৰ কলিতাৰ কালি সন্ধিয়া ৫.২৫ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ ৩ মাহ।

১৯৪২ চনৰ ১৬ অক্টোবৰত ৰামপুৰ অগণাপাৰাত জন্মগ্ৰহণ কৰা ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীয়ে কুৰি শতিকাৰ শেষৰফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱক হিচাপে শৰণ লৈছিল। সংঘৰ ৰামপুৰ প্ৰাথমিকৰ তেওঁ ৮ বছৰ সম্পাদক আৰু ৪ বছৰ সভাপতি হিচাপে জড়িত হৈ থাকি নামঘৰ নিৰ্মাণৰ গুৰিব’ঠা ধৰিছিল। তেওঁ সংঘৰ দুটা বছৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক হিচাপেও জড়িত আছিল। পত্নী হিৰণবালা কলিতা, একমাত্ৰ জী-জোঁৱাই, দুই পুত্ৰ-বোৱাৰী, নাতি-নাতিনীসহ আত্মীয়-কুটুম্বক এৰি থৈ বৈকুন্ঠগামী হোৱা অজিত চন্দ্ৰ কলিতাৰ বিয়োগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিকৰ সভাপতি সতীশ চৌধুৰী আৰু সম্পাদক জৱাহৰ মেধি, প্ৰাক্তন শৰণ সদস্য মহেশ মহন্ত, অম্বিকাগিৰী চেতনা মঞ্চ, দক্ষিণ কামৰূপৰ সভাপতি মহেশ্বৰ ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক বিমল শৰ্মা,  ৰামপুৰৰ অগণাপাৰা ৰাইজ গয়ৰহে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

নিয়মীয়া বাৰ্তা, ৰামপুৰ, ১৬ জানুৱাৰী : 
You might also like