নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক শিক্ষাবর্ষৰ পৰা সলনি হ’ব মেট্রিকৰ প্রশ্নকাকতঃ চাৰিটা বিষয়ত থাকিব অবজেকটিভ প্রশ্ন

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে চাৰিটা বিষয়ত প্রশ্নকাকতৰ আর্হি সলনি কৰাৰ সিদ্ধান্ত লৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই৷ মুখ্যতঃ পাঠ্যক্রমৰ সকলো বিষয় সাঙুৰি প্রস্তুত কৰিবলগীয়া এই প্রশ্নকাকতত ৰখা হ’ব অবজেকটিভ প্রশ্ন৷  এই কথা স্পষ্ট কৰিলে ছেবাৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই৷

ছেবাৰ বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু গণিত এই চাৰিটা পাঠ্যক্রমত ছাত্র–ছাত্রীক অধিক সক্রিয় কৰাৰ বাবে তথা পাঠ্যক্রমৰ সকলো দিশ সাঙুৰি লোৱাৰ বাবে ৫০ শতাংশকৈ দুখন প্রশ্ণকাকত প্রস্তুত কৰা হ’ব৷ ইয়াৰে ৪৫ নম্বৰৰ অবজেকটিভ প্রশ্ণৰ উত্তৰ দিব লাগিব শিক্ষার্থীসকলে৷ এনেধৰণৰ প্রতিটো প্রশ্নৰ বাবে থাকিব ১ নম্বৰ৷ আনহাতে, আন ৪৫ নম্বৰৰ ক্ষেত্রত প্রস্তুত হ’ব লগা প্রশ্নকাকতত ভিন্ন প্রশ্ন সন্নিৱিষ্ট কৰা হ’ব৷ মুঠ ৯০ নম্বৰৰ প্রশ্নকাকত প্রস্তুত হোৱাৰ বিপৰীতে আন ১০ নম্বৰ আভ্যন্তৰীণ মূল্যায়নৰ দ্বাৰা প্রদান কৰা হ’ব৷ পৰীক্ষা নিয়ন্ত্রকগৰাকীয়ে প্রকাশ কৰা মতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত হ’ব লগা এনেধৰণৰ প্রশ্নকাকতৰ আর্হি অথবা মডেল ইতিমধ্যে ছেবাৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে৷

তদুপৰি প্রতিখন বিদ্যালয়লৈ এই মডেল প্রেৰণ কৰা হৈছে, যাতে শিক্ষার্থীসকলে মেট্রিকত কিধৰণৰ প্রশ্ন আহিব অথবা প্রশ্ণৰ পেটার্ন কেনেধৰণৰ হ’ব আগতীয়াকৈ আয়ত্ত কৰি ল’ব পাৰে৷ ছেবাৰ বিষয়াগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বিগত বর্ষসমূহৰ দৰে আগন্তুক বর্ষত মেট্রিকৰ প্রশ্নকাকত প্রস্তুত নহয়৷ হ’ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্রশ্নকাকত যথেষ্ট সলনি হ’ব৷ ছাত্র–ছাত্রীসকলৰ পাঠ্যক্রমৰ অধ্যয়ন যথেষ্ট গভীৰ কৰাৰ বাবে এইধৰণৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে৷

ইফালে, প্রশ্নকাকতৰ পেটার্ন সলনিক লৈ চলি থকা প্রস্তুতিৰ মাজতে এইবাৰ নৱম আৰু দশম শ্রেণীৰ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে শিক্ষা বিভাগে৷ প্রতিজন শিক্ষার্থীয়ে পৰীক্ষাৰ মাচুলৰ বাবত আদায় দিব লাগিব ১২০ টকাকৈ৷ পূর্বে এই মাচুল আছিল ৭০ টকা৷ শিক্ষা বিভাগৰ এই সিদ্ধান্তক লৈ শিক্ষার্থী–ভিভাৱকৰ মাজত সৃষ্টি হৈছে প্রতিক্রিয়াৰ৷

You might also like