নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ২১ আগষ্টত চতুর্থবর্গ–২৮ আগষ্টত তৃতীয়বর্গৰ খালী পদৰ লিখিত পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৰাজ্যখনত এক লাখ নিবনুৱাৰ নিযুক্তিৰ অন্যতম অংশ হিচাপে চলিত আগষ্ট মাহতে অনুষ্ঠিত হ’ব বিভিন্ন বিভাগত খালী হৈ থকা চতুর্থবর্গ আৰু তৃতীয়বর্গৰ প্রায় ২৭ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা৷ অহা ২১ আগষ্টত চতুর্থবর্গৰ আৰু ২৮ আগষ্টত তৃতীয়বর্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৰাজ্যখনৰ ২৪খন জিলাত চতুর্থবর্গৰ পদৰ বাবে আৰু ২৫খন জিলাত তৃতীয়বর্গৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৰাজ্যিক নিয়োগ আয়োগৰ অধীনত হ’বলগীয়া এই পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ অনুষ্ঠিত কৰিব৷

ইতিমধ্যে উপলব্ধ হৈছে এডমিট কাৰ্ড। ছেবাৰ ৱেবচাইটত গৈ https://ceforms.in/SLRC_CLASS_III/WebPages/login.php ডাউনলোড কৰিব পাৰিব।

ইফালে মুখ্যমন্ত্রী ড০ শর্মাই সমগ্র নিযুক্তি প্রক্রিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিষয়াসকলক নির্দেশ দি লিখিত পৰীক্ষাৰ দিনা যাতে কোনোধৰণৰ অনিয়ম, স্বজন–তোষণ সংঘটিত নহয়, তাৰ বাবে শীর্ষ বিষয়াসকলক প্রয়োজনীয় সকলোধৰণৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ ম’বাইল ফোন আদি সামগ্রী লৈ কোনো প্রার্থীয়ে যাতে পৰীক্ষাগৃহত প্রৱেশ কৰিব নোৱাৰে, সেইটো সুনিশ্চিত কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিষয়াসকলক নির্দেশ দিছে৷

You might also like